বৰপেটা ৯ ডিচেম্বৰ: সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰতিখন মণ্ডল কংগ্ৰেছ সমিতিয়ে অনুষ্ঠিত কৰিবলৈ লৈছে বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। বুধবাৰে সৰুক্ষেত্ৰী সমষ্টিৰ ১৫ নং দক্ষিণ পূব সৰুক্ষেত্ৰী মণ্ডল কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা মাজদিয়া হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈ যায় । বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আৰম্ভ হোৱাৰ পূৰ্বে ডেৰ লাখ টকা ব্যয় সাপেক্ষে বিধায়ক উন্নয়ন পুঁজিৰে নিৰ্মাণ কৰা মাজদিয়া আদৰ্শ বিদ্যাপীঠৰ মূল তোৰণখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে ।
মাজদিয়া আদৰ্শ বিদ্যাপীঠৰ মূল তোৰণ উদ্বোধন বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ কাৰ্যনিৰ্বাহক সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নতুনকৈ গঠন হোৱা মণ্ডল সমিতি, মহিলা মণ্ডল সমিতি, বুথ কমিটিৰ বিষয়-ববীয়া, সদস্যসকলক বিধায়ক জাকিৰ হুছেইন শিকদাৰে ফুলাম গামোচাৰে আদৰণি জনায় । বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ কাৰ্যকালৰ বিগত সময়ছোৱাত দক্ষিণ পূব সৰুক্ষেত্ৰী গাঁও পঞ্চায়তত কি কি উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা হৈছে সেইবিষয়ে খতিয়ান দাঙি ধৰে সভাখনৰ সভাপতি মুক্তাৰ আলীয়ে । কৃষক বিৰোধী আইন সন্দৰ্ভতো বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কৃষকসকলক ন্যায় দিবলৈ কংগ্ৰেছ দলে পদক্ষেপ গ্ৰহণ কৰিছে আৰু কৃষকসকলৰ লগত কংগ্ৰেছ দল সদায় আছে বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে । লগতে পঢ়ক: চৰকাৰে আয়োজন কৰা শ্বহীদ দিৱস বৰ্জন শ্বহীদ পৰিয়ালৰ