ETV Bharat / state

Barpeta advocate murder case : ৰিণিমা বেগম হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ - ৰিণিমা বেগম হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

আৰক্ষীয়ে বৰপেটাৰ ৰিণিমা বেগম হত্যাকাণ্ডৰ (Advocate murder case in Barpeta) তদন্ত অব্যাহত ৰাখিছে । ইয়াৰ মাজতে ঘটনাৰ মাষ্টাৰমাইণ্ড মহিবুল হক ওৰফে মনিক গ্ৰেপ্তাৰ । মহিদুলৰ ঘৰৰ পৰা এখন মটৰ চাইকেল জব্দ কৰে আৰক্ষীয়ে । হত্যাকাণ্ডত ব্যৱহাৰ কৰা হৈছিল মটৰ চাইকেলখন ।

Barpeta advocate murder
ৰিণিমা বেগম হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ
author img

By

Published : Mar 30, 2022, 5:13 PM IST

বৰপেটা,৩০ মাৰ্চ : অৱশেষত বৰপেটা আৰক্ষীৰ জালত পৰিল ৰিণিমা বেগম হত্যাকাণ্ডৰ মূল অভিযুক্ত (Main accused of Rinima Begum murder case arrested)। বৰপেটা আৰক্ষীয়ে ৰিণিমা বেগম হত্যাকাণ্ডৰ (Advocate murder in Barpeta) মাষ্টাৰমাইণ্ড মহিবুল হক ওৰফে মনিক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত মহিবুল হক ওৰফে মনিৰ ঘৰ বৰপেটা চহৰত ৷ মঙলবাৰে নিশা আৰক্ষীয়ে আটক কৰে মনিক ৷

জানিব পৰা মতে ধৃত মহিবুল হক ইতিপূৰ্বে গ্ৰেপ্তাৰ হোৱা মকদম আলীৰ খুলশালী ৷ মহিবুলক গ্ৰেপ্তাৰৰ পাছতে মঙলবাৰে আৰক্ষীয়ে ধৃত মহিবুল হকৰ বাসগৃহত তালাচী চলায় । মহিবুলৰ ঘৰৰ পৰা আৰক্ষীয়ে এখন মটৰ চাইকেলও জব্দ কৰে । জানিব পৰা মতে উক্ত মটৰ চাইকেলখন ৰিণিমা বেগমৰ হত্যাকাণ্ডত ব্যৱহাৰ কৰা হৈছিল । AS-15-K-7983 নম্বৰৰ মটৰ চাইকেলখন হত্যাকাণ্ডত ব্যৱহাৰ কৰা বুলি খোদ মহিবুল হকে স্বীকাৰ কৰিছে ।

ৰিণিমা বেগম হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

উল্লেখ্য যে যোৱা ২১ মাৰ্চৰ সন্ধিয়া বৰপেটা চহৰৰ বিলৰটাৰী হাটীত ৰিণিমা বেগম নামৰ অধিবক্তাগৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰা হৈছিল । মটৰ চাইকেলত অহা ৩ দুৰ্বৃত্তই ৰিণিমা বেগমক আক্ৰমণ কৰিছিল ৷ এই ঘটনাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল যদিও ঘটনাৰ মূল অভিযুক্ত আটক কৰিব পৰা নাছিল । অৱশেষত ঘটনাৰ মূল অভিযুক্তক আটক কৰিবলৈ সক্ষম হ'ল বৰপেটা আৰক্ষী । অৱশ্যে আৰক্ষীয়ে আনুষ্ঠানিকভাৱে এই পৰ্যন্ত কোনো কথা প্ৰকাশ কৰা নাই ।

উল্লেখ্য যে আৰক্ষীয়ে অধিবক্তা ৰিণিমা বেগম হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত ইতিমধ্যে মকদম আলী আৰু আব্দুৰ ৰহমান ওৰফে জুম্মা নামৰ দুজনক গ্ৰেপ্তাৰ কৰিছে (Accused of Rinima Begum murder case arrested)। দুয়োজন অভিযুক্তকে ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে ।

লগতে পঢ়ক :Bapeta Advocate Murder Case : দহ দিনৰ আৰক্ষীৰ জিম্মাত দুই অভিযুক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.