ETV Bharat / state

এজন শিক্ষকৰ বাবে অন্ধকাৰলৈ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ

author img

By

Published : Nov 12, 2020, 11:59 AM IST

এখন আচৰিত মাদ্ৰাছা ৷ এজন শিক্ষকৰ আজব কৰ্ম-কাণ্ডই অন্ধকাৰলৈ ঠেলি দিছে ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যত। মাদ্ৰাছাৰ ঘৰৰ চালিত লাও গছ । মাদ্ৰাছাৰ চৌহদত টিনপাতৰ বেৰা দি কৰিছে পাচলি খেতি । ছাত্ৰ-ছাত্ৰীৰ প্ৰাতঃসভা, খেল-ধেমালি সকলো বন্ধ । কুকুৰাৰ গৰাঁলত পৰিণত মাদ্ৰাছাৰ পৰিবেশ ।

madrasa
madrasa

জনীয়া, 12 নবেম্বৰ : বৰপেটা জিলাৰ ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত লাচাংগা প্ৰী ছিনয়ৰ মাদ্ৰাছাৰ শিক্ষক ৰফিকুল ইছলামৰ কৰ্ম-কাণ্ডই সচেতন মহলৰ চকু কপালত তুলিছে । শিক্ষক ৰফিকুল ইছলামৰ পিতৃয়ে ইছলামৰ চাকৰিৰ স্বাৰ্থত মাদ্ৰাছাৰ নামত আধা বিঘা মাটি দান কৰিছিল । শিক্ষক ইছলামৰ পিতৃয়ে দান কৰা মাটিত মাদ্ৰাছা স্থাপন কৰে ।

madrasa
মাদ্ৰাছাৰ ছালত ওলমিছে লাও

উল্লেখনীয় বিষয়টো হ'ল যে, মাদ্ৰাছা খন চৰকাৰীকৰণ হোৱাৰ পাছতে শিক্ষক ৰফিকুলে পিতৃয়ে দান কৰা মাটি ঘূৰাই লোৱাৰ অভিযোগ উঠিছে । মাটি ঘূৰাই লোৱাই নহয় ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ পৰিবেশ বিনষ্ট কৰি মাদ্ৰাছাৰ চৌহদত টিন পাতেৰে বেৰা দি লাও, তৰৈ, উৰহী, জিকা আদিৰ গছ বগাবলৈ দিয়াৰ লগতে মাদ্ৰাছাৰ ঘৰৰ চালিত বগাইছে লাও গছ । টিনপাতেৰে বেৰা দিয়াৰ ফলত এক প্ৰকাৰ উশা বন্ধ হৈ পৰা ছাত্ৰ-ছাত্ৰী সকলে খেল-ধেমালিৰ পৰা বঞ্চিত হোৱাৰ লগতে বন্ধ হৈ পৰিছে প্ৰাতঃসভা ।

এজন শিক্ষকৰ বাবে অন্ধকাৰলৈ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ

বেৰৰ সিপাৰে থকা দমকলটো মাটি পেলাই পুতি পেলোৱাৰ ফলত পানীৰ অভাৱত কষ্ট হৈছে ছাত্ৰ-ছাত্ৰীৰ । সম্প্ৰতি কুকুৰাৰ গঁৰালত পৰিণত হোৱা মাদ্ৰাছা খনত শিক্ষাৰ কোনো পৰিবেশ নাই । শিক্ষক জনৰ বিৰুদ্ধে পৰিচালনা সমিতিয়ে এজাহাৰ দাখিল কৰিছে যদিও পৰিচালনা সমিতিয়ে কোনো সুফল পোৱা নাই । ৰূপসী খণ্ড শিক্ষা বিষয়াৰ ভূমিকাও ৰহস্যজনক বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

লগতে পঢ়ক : বড়ো গীতৰ লহৰত হালিছে জালিছে ধিঙৰ পথাৰৰ সোণগুটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.