ETV Bharat / state

সৰ্থেবাৰীত অঘটন: পদুম ফুল চুৰি কৰি ভৰিলে জৰিমনা

author img

By

Published : Oct 6, 2019, 4:28 AM IST

Updated : Oct 6, 2019, 9:24 AM IST

ঐতিহাসিক কাপলা বিলৰ পৰা চোৰ কৰিছিল বহু বস্তা পদুম ফুল ৷ ৰাজহুৱা বিচাৰত চোৰক বিহিলে জৰিমণা ৷

সৰ্থেবাৰীত অঘটন: পদুম ফুল চুৰি কৰি ভৰিলে জৰিমনা

বৰপেটা, 6 অক্টোবৰ: ৰাজ্যত এতিয়া শাৰদীয় দুৰ্গা পূজাৰ সময় ৷ দেৱীৰ চৰণত এপাহ পদুম ফুল দিয়াৰ হেঁপাহ মনত লৈ এতিয়া পূজাৰ মণ্ডপে মণ্ডপে লাগিছে ৰাইজৰ লানি নিচিগা সোঁত ৷ কিন্তু উৎসৱমুখৰ পৰিৱেশৰ মাজতে বৰপেটা জিলাৰ কাঁহনগৰী খ্যাত সৰ্থেবাৰীত সংঘটিত হ'ল এক নাভূত নাশ্ৰুত কাণ্ড ৷ চহৰখনৰ ঐতিহাসিক ঐতিহাসিক কাপলা বিলৰ পৰা বস্তাই বস্তাই গোপনে পদুম ফুল চিঙি ৰাইজৰ ৰোষত পৰিল তিনিজনকৈ লোক ৷

ঘটনা অনুসৰি সৰ্থেবাৰীৰ এৰা গাঁৱৰ ৰবেন দাস, নৰেণ দাস আৰু বিশ্বেস্বৰ দাস নামৰ এই তিনি ফুল চোৰক ৰাইজে ফুল পদুম চুৰ কৰি থকা অৱস্থাত হাতে লোটে ধৰা পেলাই ৷ ইয়াৰ পাছতে বন্দী হোৱা তিনিজন ফুল চোৰ ৰাইজৰ সামাজিক বিচাৰৰ সন্মুখীন হয় ,য'ত তেওঁলোকক পোন্ধৰ হাজাৰ টকাকৈ জৰিমণা বিহা হয় ৷ এইদৰে পূজাৰ বতৰত কাপলা বিলৰ পদুম ফুল চুৰি কৰি তিনি লোকৰ লটিঘটিয়ে এতিয়া উৎসৱৰ মাজতো আমোদৰ খোৰাক দিছে সৰ্থেবাৰী অঞ্চলত ৷

Intro:

বৰপেটা ৫ অক্টোৱৰ: শাৰদীয় দূৰ্গা পূজাৰ উলহ মালহৰ মাজতে চলিছে ফুলৰ ব্যৱসায় । দূৰ্গা পূজা বুলি কলেই পদূম ফুলৰ আছে এক সুকীয়া স্থান । দেবী দূৰ্গা শ্ৰী চৰণত এপাহ পদূম ফুল দিয়াৰ হেঁপাহ প্ৰায় সকলোৰে থাকে । পিছে এই পদূম ফুল চিঙি বিপদত পৰিল তিনি পদুম ফুলৰ ব্যৱসায়ী । Body:এই পদূম ফুলনি খনলৈ মন কৰক । সৰ্থেবাৰীৰ ঐতিহাসিক কাপলা বিলৰ দৃশ্য এইয়া । হালি জালি বিল শুৱনি কৰি থকা এই পদূম ফুলৰ এতিয়া চলিছে চোৰাং বেহা । এই কেইজন লোকলৈ মন কৰক । এই তিনিজন লোকে কাপলা বিলৰ পদূম ফুল গোপনে চিঙি গুৱাহাটী লৈ নি বিক্ৰী কৰি আহিছে । চাওঁক কি দৰে বস্তাই বস্তাই ঢাহি ধুহি চিঙিছে পদূম ফুল । এইদৰে বিলত মনে মনে ঢাহি ধুহি পদূম ফুল চিঙা তিনিওজন লোকক ৰাইজে আটক কৰি সামাজিক বিচাৰ কৰে এই তিনি ফুল চোৰৰ। সৰ্থেবাৰীৰ এৰা গাঁৱৰ ৰবেন দাস, নৰেণ দাস আৰু বিশ্বেস্বৰ দাস নামৰ এই তিনি ফুল চোৰক ৰাইজে বিহিলে জৰিমনা । ফুল চিঙি এই তিনি ফুল চোৰে অৱশেষত দিব লগা হল পোন্ধৰ হাজাৰ টকা জৰিমনা । পূজাৰ বতৰত গোপনে ফুল চিঙি এইদৰে লটি ঘটি হল তিনি লোকৰ ।

Conclusion:বাইট: স্থানীয় যুৱক । --- বাপকন দাস, বৰপেটা
Last Updated : Oct 6, 2019, 9:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.