ETV Bharat / state

কলগাছিয়াত গড়কাপ্তানি বিভাগৰ দলং নিৰ্মাণত ৰাইজৰ আপত্তি - সমস্যা সমাধা

কলগাছিয়াত গড়কাপ্তানি বিভাগৰ দলং নিৰ্মাণত স্থানীয় ৰাইজৰ অভিযোগ ৷ দলং নিৰ্মাণ কৰিলে দলঙৰ দুয়োপাৰে থকা পৰিয়ালৰ ক্ষতি হ'ব বুলি যুক্তি দৰ্শাইছে ৷ ঘটনা সন্দৰ্ভত ৰাজহ চক্ৰ বিষয়াৰ পৰ্যবেক্ষণ ৷

Local people objection-construction-bridge-in-kalgacia
কলগাছিয়াত গড়কাপ্তানী বিভাগৰ দলং নিৰ্মাণত ৰাইজৰ আপত্তি
author img

By

Published : Dec 9, 2020, 8:48 PM IST

কলগাছিয়া, 9 ডিচেম্বৰ : কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কলগাছিয়াৰ পৰা গুনিয়ালগুৰিলৈ যোৱা গড়কাপ্তানি পথৰ ওপৰত পকী দলং নিৰ্মাণত স্থানীয় ৰাইজে আপত্তি কৰা পৰিলক্ষিত হৈছে । 2.5 কোটি টকা ব্যয় সাপেক্ষে হ'বলগীয়া দলং নিৰ্মাণ কৰিলে দলঙৰ ইপাৰে-সিপাৰে থকা ম্যাদী পট্টাৰ মাটিৰ গৰাকীয়ে পৰিয়ালটো ঘৰৰ পৰা ওলাব নোৱাৰিব বুলি আপত্তি জনাইছে ।

ইপিনে, একাংশ স্থানীয় ৰাইজে 2.5 কোটি টকা ব্যয় সাপেক্ষে 37 মিটাৰ দৈৰ্ঘৰ দলং নিৰ্মাণৰ পৰিৱৰ্তে ৰাস্তা নিৰ্মাণ কৰিলে চৰকাৰৰ ৰাজহ ৰেহাই হোৱাৰ উপৰিও ৰাইজৰ সমস্যা সমাধান হোৱাৰ লগতে কোনো পক্ষৰেই ক্ষতি নহয় বুলি যুক্তি দৰ্শাইছে । আনহাতে, একাংশ ৰাইজে উক্ত স্থানত দলং নিৰ্মাণৰ দাবী জনাইছে ।

কলগাছিয়াত গড়কাপ্তানী বিভাগৰ দলং নিৰ্মাণত ৰাইজৰ আপত্তি

ইফালে, এই সমগ্ৰ ঘটনাৰ পিচত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই বিষয়টো পৰ্যবেক্ষণ কৰি দুয়োকাষে থকা মাটিৰ গৰাকীৰ কোনো ক্ষতি নোহোৱাকৈ সমস্যা সমাধানৰ সূত্ৰ উলিওৱাৰ মত পোষণ কৰিছে ।

লগতে পঢ়ক : 100 দিনত 100 মিলিয়ন পালি ক'ভিড প্ৰতিষেধক প্ৰদানৰ প্ৰতিশ্ৰুতি জ' বাইডেনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.