ETV Bharat / state

মহম্মদপুৰ বজাৰত উন্মোচন এটা পুথিভঁৰাল - library-inauguration-at-mohmmodpur-market

মহম্মদপুৰ চ’চিয়েল ৱেলফেয়াৰ এচ’চিয়েছনৰ উদ্যোগত দেওবাৰে মহম্মদপুৰ বজাৰত উন্মোচন কৰা হয় এটা পুথিভঁৰাল ৷

মহম্মদপুৰ বজাৰত উন্মোচন এটা পুথিভঁৰাল
মহম্মদপুৰ বজাৰত উন্মোচন এটা পুথিভঁৰাল
author img

By

Published : Feb 8, 2021, 9:24 AM IST

জনীয়া, 8 ফেব্ৰুৱাৰী : দেওবাৰে জনীয়া সমষ্টিৰ অন্তৰ্গত মহম্মদপুৰ চ’ছিয়েল ৱেলফেয়াৰ এচ’চিয়েছনৰ উদ্যোগত কাদং উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হয় এখনি সভাৰ ৷ এই সভাত লকডাউনৰ সময়চোৱাত হোৱা ছাত্ৰ-ছাত্ৰী সকলে শিক্ষাৰ ক্ষতিপুৰন কেনেকৈ কৰিব,নিবনুৱা যুৱক-যুৱতী সকলে কেনেদৰে নিজৰ জীৱনৰ লক্ষ্য বাচনি কৰি সঠিক পথত আগুৱাই যাব সেই সম্পৰ্কে আলোচনা কৰা হয় ৷

এই সভাত সভাপতিত্ব কৰে জনীয়া ফকৰুদ্দিন আলি অহমেদ মেম’ৰিয়েল কলেজৰ অধ্যক্ষ ছানোৱাৰ ৰাহমানে । উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰে’ল আৰক্ষীৰ উপ মহা পৰিদৰ্শক আবু চুফীয়ান,আলোচক হিচাপে উপস্থিত থাকে অৱসৰ প্ৰাপ্ত কেন্দ্ৰীয় জি এছ টি বিষয়া হজৰত আলি অহমেদৰ লগতে কাদং উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে স্থানীয় ৰাইজ ৷

মহম্মদপুৰ চ’ছিয়েল ৱেলফেয়াৰ এচ’চিয়েছনৰ উদ্যোগত অনুষ্ঠিত এই সভাৰ অন্তত মহম্মদপুৰ বজাৰত এটা পুথিভঁৰাল উন্মোচন কৰা হয়। ম’বাইল,ইন্টাৰনেট আদিৰ ফলত হ্ৰাস পাবলৈ ধৰিছে কিতাপ পঢ়াৰ ধাৰা ৷ কিতাপ পঢ়াৰ ধাৰা ঘূৰাই অনাৰ লক্ষৰে ছাত্ৰ-ছাত্ৰীৰ লগতে পঢ়োৱৈ সকলৰ বাবে উন্মোচন কৰা হয় এই পুথিভঁৰালটো ৷

লগতে পঢ়ক : মিত্ৰতাত মেলিল নেকি ফাঁট ! AIUDFৰ সভাত কংগ্ৰেছ বিধায়ক মুৰ্দাবাদ ধ্বনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.