জনিয়া, 16 ছেপ্টেম্বৰ : কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এক আচৰিত কাণ্ড । প্ৰসৱ যন্ত্ৰণাত চিঞৰাৰ বাবেই অন্য হাস্পটাললৈ ৰেফাৰ কৰা হ’ল কলগাছিয়াৰ খাৰবাল্লী গাঁৱৰ এগৰাকী প্ৰসূতিক। কিন্তু, ইয়াৰ কিছু সময় পিছতেই চিকিৎসালয়খনৰ সন্মুখত প্ৰসূতি গৰাকীয়ে প্ৰসৱ কৰে এগৰাকী কন্যা সন্তান ।
কলগাছিয়াস্থ বৰপেটা অসামৰিক চিকিৎসালয়ৰ পৰা ৰেফাৰ কৰা ৰোগীয়ে চিকিৎসালয়ৰ সন্মুখতে সন্তান প্ৰসৱ কৰা ঘটনাৰ লগে লগে উদ্ভৱ হয় এক হুলস্থুলীয়া পৰিস্থিতিৰ । জানিব পৰা মতে, খাৰবাল্লী চৰৰ পীৰ জাহানৰ পত্নী তথা প্ৰসূতি ৰোগীগৰাকীৰ প্ৰসৱ বেদনা হোৱাত তেওঁক প্ৰথমে নাৱেৰে নদী পাৰ কৰি তাৰ পিছত ই-ৰিক্সাৰে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়লৈ নি ভৰ্তি কৰোৱা হয় । চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছতে প্ৰসৱ বেদনাত অত্যাধিক চিঞৰিবলৈ লয় প্ৰসূতি গৰাকীয়ে ৷
ইয়াকে দেখি প্ৰসুতি গৰাকীৰ জটিল অৱস্থা হোৱা বুলি কৈ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ ৰেফাৰ কৰা হয় তেওঁক ৷
পিছে পিছ মূহৰ্ততে প্ৰসূতি গৰাকীক মেডিকেল কলেজলৈ লৈ যাবৰ বাবে গাড়ীত উঠোৱাৰ সময়তে তেওঁ এগৰাকী কন্যা সন্তান প্ৰসৱ কৰে । সন্তান প্ৰসৱ কৰাৰ খবৰ পোৱাৰ লগে লগেই কৰ্তব্যৰত নাৰ্ছে প্ৰসূতি আৰু নৱজাতিকাক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰে । সম্প্ৰতি এই ঘটনাক লৈ কলগাছিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক : জটিল ৰোগত আক্ৰান্ত লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ কাষত শিল্পী জয় বৰুৱা