ETV Bharat / state

Lachit Divas 2021: ৰাজ্যজুৰি স্মৰণ অসমী আইৰ সাহসৰ প্ৰতীক লাচিত বৰফুকনক

author img

By

Published : Nov 24, 2021, 10:48 PM IST

আজি সমগ্ৰ ৰাজ্যবাসীয়ে সুঁৱৰিছে বীৰ যোদ্ধা লাচিত বৰফুকনক ৷ ৰাজ্যৰ ভিন্নত প্ৰান্তত উদযাপন কৰা হৈছে লাচিত দিৱস (Lachit Divas Celebrate in Assam) ৷

lachit divas celebrate in assam
ৰাজ্যজুৰি উদযাপন লাচিত দিৱস

নিউজ ডেস্ক, 24 নৱেম্বৰ : চন 1622, তাৰিখ 24 নৱেম্বৰ ৷ অৰ্থাৎ প্ৰায় চাৰি শতিকাৰ পূৰ্বে আজিৰ এই বিশেষ দিনটোতে অসমী আইৰ সাহস আৰু প্ৰেৰণাৰ উৎস হৈ জন্ম লৈছিল বীৰ যোদ্ধা, আহোম সেনাৰ সেনাপতি বীৰ লাচিত বৰফুকনে ৷ প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো সমগ্ৰ অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস হিচাপে পালন কৰা হয় (Lachit Divas Celebrate in Assam) ৷ আজিৰ এই বিশেষ দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সোঁৱৰা হয় অসমী আইৰ বীৰ পুৰুষগৰাকীক ৷

ৰক্তদান জীৱন দান ৷ অসুস্থ দেহাৰেই জন্মভূমিৰ বাবে যুঁজি জয়ী হোৱা লাচিতৰ পৰাই অনুপ্ৰাণিত হৈ আজিৰ এই বিশেষ দিনটো বৰপেটা মেডিকেল কলেজত উদযাপন কৰা হ'ল বিশেষ ধৰণেৰে ৷ আজি অৰ্থাৎ বুধবাৰে লাচিত দিৱসৰ লগত সংগতি ৰাখি বৰপেটা মেডিকেল কলেজ (Lachit Divas Celebrate in Barpeta medical collage) ত অনুষ্ঠিত কৰা হয় ৰক্তদান শিবিৰ (Blood donation camp) ৰ ।

lachit divas celebrate in assam
ৰাজ্যজুৰি উদযাপন লাচিত দিৱস

আনহাতে, লখিমপুৰত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা লাচিত দিৱসৰ অনুষ্ঠানত লোকে-লোকাৰণ্য হৈ পৰিল নগৰৰ ত্যাগক্ষেত্ৰ ৷ এই কাৰ্যসূচীত সাহিত্য-সংস্কৃতিৰ পৰা জাতীয় জীৱনৰ বহু বিশিষ্ট ব্যক্তিৰ লগতে সমাৱেশ ঘটে লক্ষাধিক লোকৰ ৷ পতাকা উত্তোলন, সংকল্প গ্ৰহণ আদি কাৰ্যসূচীৰ উপৰিও খিলঞ্জীয়াৰ জাগৰণ যাত্ৰা আছিল এই কাৰ্যসূচীৰ অন্যতম । এই জাগৰণ যাত্ৰাৰে অসম বিৰোধী চক্ৰলৈ এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰয়াস কৰে আয়োজক সকলে ৷

একেদৰে নলবাৰীতো স্বদেশ-স্বজাতিৰ স্বাভিমান ৰক্ষাৰ প্ৰতীক বীৰ লাচিত বৰফুকন স্মৃতি লাচিত দিৱস পালন কৰা হয় । দিনযোৰা কাৰ্যসূচীৰে হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত নলবাৰীৰ নাট্যমন্দিৰত আয়োজন কৰা হয় লাচিত দিৱসৰ এই বিশেষ কাৰ্যসূচী ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি নাট্যমন্দিৰত পুৱা পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি তৰ্পন কৰাৰ লগতে এক সাংস্কৃতিক সমদল বাহিৰ কৰা হয় । স্বদেশ-স্বজাতিৰ স্বাভিমান ৰক্ষাৰ পণ ল’বলৈ আহ্বান জনাই উলিওৱা এই সমদল আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক সঞ্জীৱ গোস্বামীয়ে ।

বুধবাৰে জাতিৰ বীৰ পুৰুষগৰাকীক স্মৰণ কৰিলে চৰাইদেউ সোণাৰিবাসীয়েও ৷ টাই আহোম যুৱ পৰিষদ অসমৰ সোণাৰি আঞ্চলিক সমিতিৰ উদ্যোগত উদযাপন কৰা বিশেষ কাৰ্যসূচীত বীৰ লাচিতৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলনৰ লগতে বীৰপুৰুষজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ অনুষ্ঠানত চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ লগতে ভালে কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে ।

এইদৰেই ৰাজ্যৰ চহৰে-নগৰে, গাঁৱে-ভূঁঞে বীৰ পুৰুষ লাচিত বৰফুকনৰ স্মৃতি বিজড়িত বিশেষ দিনটো লাচিত দিৱস হিচাপে বাৰেবৰণীয়া কাৰ্যসূচীৰ মাজেৰে উদযাপন কৰা হয় ৷ আজিও প্ৰতিজন স্বাভিমানী অসমীয়াই সিৰাই সিৰাই প্ৰবাহমান লাচিতৰ তেজ ৷ লাচিতৰ তেজৰ উমান পোৱা প্ৰতিজন অসমীয়াই আজি পুনৰ দোহাৰিছে - ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ ৷

লগতে পঢ়ক : লখিমপুৰত দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্রীয় লাচিত দিৱসৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.