ETV Bharat / state

বৰপেটাত প্ৰাৰ্থীত্বৰ দৌৰত ৰাজ্যসভাৰ সাংসদ কুমাৰ দীপক দাস

author img

By

Published : Mar 16, 2019, 7:47 PM IST

বৰপেটা সমষ্টিৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে প্ৰকাশ কৰিছে এই কথা

বৰপেটা লোকসভা সমষ্টি

বৰপেটা, ১৬ মাৰ্চঃ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সমান্তৰালকৈ ৰাজনৈতিক দলসমূহৰ মাজত চলিচে প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়া ৷ অসমৰ অন্যতম লোকসভা সমষ্টি বৰপেটা লোকসভা সমষ্টিৰ বাবেও অগপ বিজেপিৰ মাজত প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়া পূৰ্ণগতিত চলি আছে যদিও তাৰ মাজতে বৰপেটা বিধানসভা সমষ্টিৰ অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাসে প্ৰকাশ কৰিছে কুমাৰ দীপক দাসৰ নাম ৷ ইয়াৰ উপৰিও ধুবুৰী আৰু কলিয়াবৰত প্ৰাৰ্থী প্ৰদান কৰিব দলটোৱে ৷ ইতিমধ্যে কলিয়াবৰত মনিমাধৱ মহন্তৰ নাম নিশ্ছিত হোৱাৰ লগতে বৰপেটাত ভূপেন দাসৰ নাম উত্থাপিত হৈছে যদিও বৰপেটাৰ বাবে কুমাৰ দীপক দাসৰ প্ৰাৰ্থীত্ব একপ্ৰকাৰে নিশ্ছিত বুলি সদৰী কৰে অগপ দলৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৷

শেহতীয়াকৈ অগপ-বিজেপিৰ মাজত হোৱা মিত্ৰতাৰ পৰৱৰ্তী সময়তে স্থানীয় বিধায়কগৰাকীয়ে এই মন্তব্য প্ৰকাশ কৰিছে৷ সেই অনুসৰি বৰপেটা লোকসভা সমষ্টিৰ বাবে ৰাজ্যসভাৰ সাংসদ তথা অগপ দলৰ অভিজ্ঞ নেতা কুমাৰ দীপক দাসৰ নাম ঘোষণা কৰিছে অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৷ দুয়োটা দলৰ মাজত হোৱা মিত্ৰতাৰ প্ৰতি লক্ষ্য কৰি বৰপেটাত কুমাৰ দীপক দাসেই হ'ব মিত্ৰজোটৰ সম্ভাব্য প্ৰাৰ্থী ৷ বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচনী সমিতিৰ দায়িত্বত থকা বিধায়কগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি দহটা বিধানসভা সমষ্টি থকা বৰপেটা লোকসভা সমষ্টিৰ বাবে কুমাৰ দীপক দাসৰ প্ৰাৰ্থীত্ব মিত্ৰজোটৰ বাবে লাভজনক হোৱাৰ লগতে ভোটাৰ ৰাইজেও আদৰি ল'ব বুলি সদৰী কৰে বিধায়কগৰাকীয়ে ৷

বৰপেটা লোকসভা সমষ্টি

ৰাজ্যসভাৰ সাংসদ হিচাপে দেখুওৱা পাৰদৰ্শিতাৰ বাবে সমগ্ৰ অঞ্চলটোতে এক সুনাম আছে কুমাৰ দীপক দাসৰ ৷ ইয়াৰ পূৰ্বেও উদ্ধৱ বৰ্মণ আৰু আটাউৰ ৰহমানে সমষ্টিবাসীৰ পৰা লাভ কৰা সহযোগিতাৰ বাবে লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ৷ এইক্ষেত্ৰত দীপক দাসেও একেই গতিতে আগবাঢ়ি আছে আৰু নতুন দিল্লীৰ লগতে দিশপুৰত থকা বিজেপি চৰকাৰে দীপক দাসৰ প্ৰাৰ্থীত্বক সমৰ্থন প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰে বিধায়ক গুনীন দাসে ৷ যদিও এইক্ষেত্ৰত এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা হোৱা নাই তথাপিও বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী হিচাপেঅগপ দলৰ কুমাৰ দীপক দাসেই প্ৰাৰ্থীত্ব লাভ কৰাটো একপ্ৰকাৰ নিশ্ছিত হৈ পৰিছে ৷

Slug:     A_BAR_16MARCH_805TO806_BARPETA_AGP_MLA_BITE_ABOUT_LOKSABHA_CANDIDATE_VIS+BITE_BAPKAN_DAS.                                               
  বৰপেটাত কুমাৰ দীপক দাসেই হব অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৷
বিজেপিৰে মিত্ৰতা নহলে অগপৰ সৰ্বাধিক ক্ষতি হলহেতেন ৷

বৰপেটা, ১৬ মাৰ্চঃ অগপ-বিজেপিৰ মাজত হোৱা মিত্ৰতাৰ ফলস্বৰূপে ৰাজ্যৰ আন দুটা সমষ্টিৰ লগতে বৰপেটা লোকসভা সমষ্টিটো অগপই লাভ কৰিলে ৷ বৰপেটাৰ লগতে ধুবুৰী আৰু কলিয়াবৰত প্ৰাৰ্থী ঠিয় কৰাব অগপই ৷ কলিয়াবৰত মনিমাধৱ মহন্তৰ লগতে বৰপেটাত কুমাৰ দীপক দাস হব অগপৰ নিশ্চিত প্ৰাৰ্থী ৷ বৰপেটাত অগপৰ প্ৰাৰ্থী হিচাপে কুমাৰ দীপক দাসৰ লগতে ভূপেন ৰয়ৰ নামো উচ্ছাৰিত হৈছে যদিও কুমাৰ দীপক দাসেই প্ৰাৰ্থীত্ব পোৱাটো নিশ্চিত ৷ এই মুহুৰ্তলৈকে যদিও আনুষ্ঠানিকভাৱে কুমাৰ দীপক দাসৰ নাম ঘোষনা কৰা নাই তথাপি অনানুষ্ঠানিকভাৱে আজি বৰপেটাত কুমাৰ দীপক দাসেই প্ৰাৰ্থী হব বুলি ঘোষনা কৰিলে বৰপেটাৰ অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৷ বৰপেটা লোকসভা সমষ্টি নিৰ্বাচনী সমিতিৰ সম্পাদকৰ দায়িত্বতো থকা বিধায়ক গুনীন্দ্ৰ নাথ দাসে বৰপেটাত কুমাৰ দীপক দাসৰ নিশ্চিত প্ৰাৰ্থীত্বৰ কথা ঘোষনা কৰে ৷ ৰাজ্যসভাৰ সাংসদ হিচাপে কুমাৰ দীপক দাসে দেখুওৱা পাৰদৰ্শিতাৰ বাবেই সমষ্টিৰ হিন্দু মুছলমান সকলো ভোটাৰে কুমাৰ দীপক দাসক নিৰ্বাচিত কৰিব বুলি আশাবাদী অগপ বিধায়কগৰাকী ৷ দিল্লীত এখন এনডিএৰ চৰকাৰ গঠনৰ বাবে অগপ বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থীগৰাকী বিজয়ী হব বুলিও আশাবাদী ৷ 
পঞ্চায়ত নিৰ্বাচনত অগপই অকলে প্ৰতিদ্বন্দিতা কৰি ক্ষতিৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷ আনহাতে  বিজেপিৰ সৈতে মিত্ৰতাক লৈ একাংশ নেতাৰ বিৰোধিতা সম্পৰ্কত বিধায়কগৰাকীয়ে স্পষ্ট ভাৱে কলে- দিল্লী আৰু দিছপুৰত বিজেপি দলৰ চৰকাৰ চলি আছে ৷ সেয়ে ভোটাৰ ৰাইজে প্ৰথমতে বিজেপিকেই অগ্ৰাধিকাৰ দিব ৷ সেইক্ষেত্ৰত অগপই অকলে নিৰ্বীচন খেলিলে অগপৰে সৰ্বাধিক ক্ষতি হব বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

বাইটঃ গুনীন্দ্ৰ নাথ দাস, অগপ বিধায়ক, বৰপেটা ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.