ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰতিবাদ - চেঙা সমষ্টিৰ চেনিমাৰী

অখিল গগৈৰ মুক্তিৰ দাবীত চেঙা সমষ্টিৰ চেনিমাৰীত ব্ৰহ্মপুত্ৰৰ বুকুত ছাত্ৰ মুক্তি, নাৱৰীয়া-মাছমৰীয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷

অখিল গগৈৰ মুক্তিৰ দাবীত  ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰতিবাদ

author img

By

Published : Jul 28, 2020, 9:26 PM IST

বৰপেটা, ২৮ জুলাইঃ 'কা' বিৰোধী আন্দোলনৰ সময়ৰ পৰা কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ বিনাচৰ্তে মুক্তিৰ দাবীত মঙলবাৰে চেঙা সমষ্টিৰ চেনিমাৰীত ব্ৰহ্মপুত্ৰৰ বুকুত বহৰি আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু শতাধিক বন্যাক্ৰান্ত ৰাইজ তথা নাৱৰীয়া-মাছমৰীয়া, কৃষক আদিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
ছাত্ৰ মুক্তিৰ নেতা আশ্ৰাফুল হুছেইন আৰু ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক বাবুল হুছেইনৰ নেতৃত্বত চেনিমাৰী, ৰৌমাৰী, ছাটা, চেংলিদিয়া, মালিপাৰা আদি গাঁৱৰ ৰাইজে ব্ৰহ্মপুত্ৰৰ মাজত নাঁৱত উঠি এইদৰে ব্যতিক্ৰমী ৰূপত প্ৰতিবাদ সাব্যস্ত কৰে ।

অখিল গগৈৰ মুক্তিৰ দাবীত ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰতিবাদ
অখিল গগৈক মুক্তি দিয়ক, অখিল গগৈক হত্যা কৰিবলৈ দিয়া নহ'ব, বিজেপি চৰকাৰ হায় হায়, 'কা' আমি নামানো, জয় আই অসম আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নাৱৰীয়া-মাছমৰীয়া আৰু কৃষক ৰাইজে ।

অতি শীঘ্ৰে যদি কৃষক নেতাগৰাকীক বিনাচৰ্তে মুক্তি নিদিয়ে তেতিয়া অনাগত দিনত সংগঠনকেইটাই সমগ্ৰ ৰাজ্যতে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

উল্লেখ্য যে,নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ অন্যতম নেতা অখিল গগৈক প্ৰায় ছমাহৰ পূৰ্বে বিভিন্ন গোচৰত গ্ৰেপ্তাৰ কৰাৰ পাচতে মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগ তুলি ‘নিয়া’ই গ্ৰেপ্তাৰ কৰিছিল ৷ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা সময়ত কৃষক নেতাগৰাকী কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ অসুস্থ হৈ পৰে ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে অখিল গগৈৰ মুক্তিৰ দাবীত সমগ্ৰ অসমতে তীব্ৰ প্ৰতিবাদ গঢ়ি উঠে ৷

লগতে পঢ়কঃ তেজপুৰত ভয়ানক ৰূপ ধাৰণ কৰিছে কৰ'ণা সংক্ৰমণে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.