ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত কলগাছিয়াত প্ৰতিবাদ - বিজেপি চৰকাৰ হায় হায়

কলগাছিয়া চাৰি আলিত বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷

অখিল গগৈৰ মুক্তিৰ দাবীত কলগাছিয়াত প্ৰতিবাদ

author img

By

Published : Jul 23, 2020, 5:17 PM IST

জনীয়া, 23 জুলাইঃ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত বৰপেটাৰ কলগাছিয়া চাৰিআলিত বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ মানৱ শৃংখল গঢ়ি সংগঠন দুটাই সাব্যস্ত কৰে প্ৰতিবাদ ৷

অখিল গগৈৰ মুক্তিৰ দাবীত কলগাছিয়াত প্ৰতিবাদ

প্ৰতিবাদকাৰী সকলে অখিল গগৈক মুক্তি দিয়ক,অখিল গগৈক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক,বিজেপি চৰকাৰ হায় হায়,অখিল গগৈক হত্যা কৰিবলৈ দিয়া নহব, বিজেপি চৰকাৰ মুৰ্দাবাদ,বিদেশীৰ দালাল নৰেন্দ্ৰ মোদী,সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ আদি ধ্বনিৰে কলগাছিয়াৰ পৰিৱেশ উত্তাল কৰি তোলে ৷

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰফুল ইছলামৰ লগতে কেইবাগৰাকী কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মী উপস্থিত থাকে ৷

উল্লেখ্য যে,নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধী আন্দোলনৰ অন্যতম নেতা অখিল গগৈক ছমাহৰ পূৰ্বে বিভিন্ন গোচৰত গ্ৰেপ্তাৰ কৰাৰ পাচতে মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগ তুলি ‘নিয়া’য়ে গ্ৰেপ্তাৰ কৰিছিল ৷ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা সময়ত কৃষক নেতাগৰাকী কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ অসুস্থ হৈ পৰে ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে অখিল গগৈৰ মুক্তিৰ দাবীত সমগ্ৰ অসমতে তীব্ৰ প্ৰতিবাদ গঢ়ি উঠে ৷

লগতে পঢ়কঃ অসৎ কাৰ্য চৰিতাৰ্থ কৰিবলৈ নিদিয়াৰ বাবেই খুড়ীয়েক দাৰে আক্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.