ETV Bharat / state

বৰপেটাৰ ভেল্লাত KMSS ৰ পথ অৱৰোধ - বৰপেটা জিলা

অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে বৰপেটাৰ ভেল্লাত উত্তাল প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলৰ ।

বৰপেটাৰ ভেল্লাত KMSS ৰ পথ অৱৰোধ
বৰপেটাৰ ভেল্লাত KMSS ৰ পথ অৱৰোধ
author img

By

Published : Oct 15, 2020, 2:20 PM IST

বৰপেটা ১৫ অক্টোৱৰ: বৰপেটাৰ ভেল্লা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে বৰপেটা- গুৱাহাটীৰ সংযোগী পথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । ফলত ব্যাপক যানজঁটৰ সৃষ্টি হয় ৷ উল্লেখযোগ্য যে দীৰ্ঘ দিন ধৰি ভেল্লা অঞ্চলত বিদ্যুতৰ যোগান অনিয়মীয়া হোৱাত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

বৰপেটাৰ ভেল্লাত KMSS ৰ পথ অৱৰোধ
বৰপেটাৰ ভেল্লাত KMSS ৰ পথ অৱৰোধ

দিনটোৰ দুঘন্টাও বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ অহা বুলি অভিযোগ কৰে ৰাইজে । অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী, ব্যৱসায়ীসকল ক্ষতিগ্ৰস্থ হোৱাৰ অভিযোগ তোলে ৷ ভেল্লা অঞ্চলত জিঅ' মোবাইলৰ নেটৱৰ্কৰ সমস্যাক লৈয়ো প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তিৰ সদস্যসকলে ৷

বৰপেটাৰ ভেল্লাত KMSS ৰ পথ অৱৰোধ
বৰপেটাৰ ভেল্লাত KMSS ৰ পথ অৱৰোধ

দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈক মুক্তিৰো দাবী তোলে প্ৰতিবাদকাৰী সকলে ৷ বৰপেটা- গুৱাহাটী সংযোগী মূল পথটো প্ৰায় ৩০ মিনিট সময় ধৰি অৱৰোধ কৰাৰ পিচত সংগঠনটোৱে অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.