বৰপেটা, ১৭ অক্টোবৰ : পেট্ৰ’ল, ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত দেওবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক কাজী নাজিমুল হকৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে বৰপেটা চহৰৰ পাঁচ আলী চ'কত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰী সকলে মূল্য বৃদ্ধি ৰোধত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শ্বৰ্মাৰ পুত্তলিকা দাহ কৰে । প্ৰতিবাদকাৰীসকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা হুচিয়াৰ, যোগান মন্ত্ৰীৰ কাম নাই আদি বিভিন্ন ধ্বনি দি চহৰখনৰ ৰাজপথ উত্তাল কৰি তোলে ।
ইয়াৰোপৰি, চৰকাৰে শীঘ্ৰে মূল্য বৃদ্ধি ৰোধ নকৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও চৰকাৰক সতৰ্ক কৰি দিয়ে ।
লগতে পঢ়ক : ডাঃ মুকুল হাজৰিকাক ভাৰতলৈ পঠিয়াবলৈ তৎপৰ হৈছে ইউ কে চৰকাৰ