বৰপেটা, ৫ ডিচেম্বৰ : অসমৰ চুক কোণে লুকাই থকা ক্ৰীড়া প্ৰতিভাবোৰক উপযুক্ত মঞ্চলৈ আগবঢ়াই নিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ উদ্যোগত প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা খেল মহাৰণৰ প্ৰতিযোগিতা সমূহ আজি বৰপেটা বিধানসভা সমষ্টিত আৰম্ভ হৈছে । বৰপেটাৰ পৌৰসভাৰ খেলপথাৰত আয়োজিত খেল মহাৰণ প্ৰতিযোগিতা মঙলবাৰে কৰে বৰপেটা জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অনিল কুমাৰ দাসে ।
সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাৰ আজিৰ প্ৰথম দিনা এথলেটিকছ আৰু ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে । কাইলৈ হাউলীত কাবাদী আৰু খো খো প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি উদ্য়োক্তাসকলে সদৰী কৰিছে । এই আয়োজন সন্দৰ্ভত বৰপেটা জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অনিল কুমাৰ দাসে কয় যে জিলাখনৰ ৯৮ খন গাঁও পঞ্চায়ত আৰু দুখন পৌৰসভা অন্তৰ্ভুক্ত হৈ থকা বৰপেটা বিধানসভা সমষ্টিৰ প্ৰতিভাবান খেলুৱৈসকলে খেল মহাৰণৰ জৰিয়তে নিজৰ প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হৈছে ।
তেওঁ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে খেল মহাৰণ, সাংস্কৃতিক মহাসংগ্ৰাম আদিৰ মাধ্যমেৰে প্ৰতিভাবোৰক উলিয়াই অনাৰ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰ বাবে দুয়োখন চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে । এনে গুৰুত্বৰ বাবেই ভাৰতে ক্ৰীড়াৰ ক্ষেত্ৰখধত যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা বুলিও দাসে কয় । আনহাতে, খেল মহাৰণৰ বৰপেটা সমষ্টিৰ সভাপতি প্ৰদীপ দাসে কয় যে সমষ্টি পৰ্যায়ত বিভিন্ন খেলত অংশ লোৱা প্ৰতিযোগীৰ সংখ্যা হ'ল চাৰে চাৰিশ গৰাকী । এই পৰ্যায়ৰ প্ৰতিযোগিতাৰ পাছত জিলা ভিত্তিক আৰু তাৰ পাছত ৰাজ্যিক পৰ্যায়ত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে খেল মহাৰণৰ বৰপেটা সমষ্টিৰ সভাপতি প্ৰদীপ দাসে ।
লগতে পঢ়ক:কাগজৰ লগত সম্পৰ্ক থাকিলেহে কিতাপৰ লগত বেছি আত্মীয়তা অনুভৱ কৰিব পৰা যায়-মন্ত্ৰী বিমল বড়া