ETV Bharat / state

বৰপেটাৰোডৰ খৈৰাবাৰীৰ দুৰ্গোৎসৱৰ সোণালী জয়ন্তী

author img

By

Published : Oct 7, 2019, 9:58 AM IST

প্লাষ্টিকমুক্ত গ্ৰাম্য শাকপাচলি বজাৰৰ প্ৰদৰ্শনী ৷ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন ৷ হাজাৰ হাজাৰ ভক্তৰ ভিৰ ৷

প্লাষ্টিকমুক্ত গ্ৰাম্য শাকপাচলি বজাৰৰ প্ৰদৰ্শনীৰ এক দৃশ্য

বৰপেটাৰোড,৬ অক্টোবৰ : ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰোডতো অতি উলহ-মালহেৰে পালিত হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷ বৰপেটাৰোডৰ খৈৰাবাৰীত সোমনাথ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে শাৰদীয় দুৰ্গা পূজাৰ মণ্ডপ ৷ খৈৰাবাৰীৰ পূজা মণ্ডপ এইবেলি ৫০ বছৰত ভৰি দিয়াত সোণালী জয়ন্তী উৎসৱ পালন কৰিছে পূজা কমিটিয়ে ৷ কেবা লক্ষ টকা ব্যয় সাপেক্ষে এইবেলিৰ দুৰ্গা পূজা ব্যাপক আনন্দ-উল্লাসৰ মাজেৰে উদযাপন কৰিছে ৷ প্ৰায় ডেৰ মাহ কাল কাম কৰি এই পূজামণ্ডপ সু-সজ্জিত ৰূপে সজাই তোলা বুলি জানিবলৈ দি পূজা সমিতিৰ সভাপতি সমীৰ মজুমদাৰে হিন্দু- মুছলমান সকলো ৰাইজৰ দান বৰঙণিৰে খৈৰাবাৰীৰ এইবেলিৰ পূজা অনুষ্ঠিত কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷

সোণালী জয়ন্তী গৰকা খৈৰাবাৰীৰ দুৰ্গোৎসৱত ভিৰ

খৈৰাবাৰীৰ পূজাস্থলীত কিদৰে প্লাষ্টিক মুক্ত শাক-পাচলি বজাৰ গঢ় দিব পাৰি তাৰ এটি সুন্দৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে ৷ ধুম্ৰপান, অগ্নিনিৰ্বাপক, স্বাস্থ্য, পুলিচ বুথ, এন আৰ চি কাৰ্য্যলয়, চি চি টিভি, ইত্যাদি উক্ত প্ৰদৰ্শনীত উপস্থাপন কৰি সৰ্বস্তৰৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে গ্ৰাম্য জীৱনৰ বাস্তৱ প্ৰতিচ্ছবিৰো প্ৰতিফলন ঘটাইছে ৷ প্ৰদৰ্শনীৰ দ্বাৰা ৰাইজক স্বচ্ছতা আৰু প্লাষ্টিকমুক্ত পৰিৱেশৰ এটি বাৰ্তা দিয়াৰ প্ৰয়াস কৰিছে আয়োজক সমিতিয়ে ৷ আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ৷

পূজা মণ্ডপৰ কাষত ভক্তপ্ৰাণ ৰাইজক আনন্দ দিয়াৰ বাবে পঞ্চমীৰ দিনৰ পৰাই সাংস্কৃতিক মঞ্চ নিৰ্মাণ কৰি বিভিন্ন ধৰণৰ গীত-মাত , একাংকিকা নাট, বাউল-সংগীত আদি মঞ্চস্থ কৰাৰ ব্যৱস্থা কৰিছে ৷ সাংস্কৃতিক মঞ্চত নিতৌ সন্ধিয়া ছয় বজাৰ পৰা নিশা এঘাৰ বজালৈকে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ দেৱীৰ আশীষ ল'বলৈ খৈৰাবাৰীৰ এই পূজা মণ্ডপস্থলীত হাজাৰ হাজাৰ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷

Intro:বৰপেটাৰোড ৬ অক্টোবৰ : ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰোডতো অতি উলহ মালহেৰে পালিত হৈছে শাৰদীয় দূৰ্গোৎসৱ ৷ বৰপেটাৰোডৰ খৈৰাবাৰীত সোমনাথ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে শাৰদীয় দূৰ্গা পূজাৰ মণ্ডপ ৷Body:খৈৰাবাৰীৰ পূজা মণ্ডপ এইবেলি ৫০ বছৰত ভৰি দিয়াত সুবৰ্ণ জয়ন্তী উৎসৱ পালন কৰিছে পূজা কমিটিয়ে ৷ কেবালক্ষ টকা ব্যয় সাপেক্ষে এইবেলিৰ দূৰ্গা পূজা ব্যাপক আনন্দ উল্লাসৰ মাজেৰে উদযাপন কৰিছে ৷ প্ৰায় ডেৰ মাহ কাল কাম কৰি এই পূজামণ্ডপ সুসজ্জিত ৰূপে সজাই পৰাই তোলা বুলি জানিবলৈ দি পূজা সমিতিৰ সভাপতি সমীৰ মজুমদাৰে কয় হিন্দু- মুছলমান সকলো ৰাইজৰ দান বৰঙনিৰে খৈৰাবাৰীৰ এইবেলিৰ পূজা অনুষ্ঠিত হৈছে ৷ খৈৰাবাৰীৰ পূজাস্হলীত কিদৰে প্লাষ্টিক মুক্ত শাকপাচলি বজাৰ গঢ় দিব পাৰি তাৰ এটি অতি সুন্দৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে ৷ ধুম্ৰপাণ, অগ্নিনিৰ্বাপক, স্বাস্থ্য, পুলিচ বুথ,এন আৰ চি কাৰ্য্যলয়, চি চি টিভি, ইত্যাদি উক্ত প্ৰদৰ্শনীত উপস্থাপন কৰি সৰ্বস্তৰৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি গ্ৰাম্য জীৱনৰ বাস্তৱ প্ৰতিচ্ছবিৰ প্ৰতিফলন ঘটাইছে ৷ প্ৰদৰ্শনীৰ দ্বাৰা ৰাইজক স্বচ্ছতা আৰু প্লাষ্টিকমুক্তৰ এটি বাৰ্তা দিয়াৰ প্ৰয়াস কৰিছে আয়োজক সমিতিয়ে ৷ আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে৷ পূজামণ্ডপৰ কাষত ভক্তপ্ৰাণ ৰাইজক আনন্দ দিয়াৰ বাবে পঞ্চমীৰ দিনৰ পৰাই সাংস্কৃতিক মঞ্চ নিৰ্মাণ কৰি বিভিন্ন ধৰণৰ গীতমাত একাংকিকা নাট বাউল-সংগীত আদি মঞ্চস্থ কৰাৰ ব্যৱস্থা কৰিছে ৷ সাংস্কৃতিক মঞ্চত নিতৌ সন্ধিয়া ছয় বজাৰ পৰা নিশা এঘাৰ বজালৈকে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ দেবী মা দূৰ্গাক আৰাধনা কৰিবলৈ অহা ভক্তপ্ৰাণ ৰাইজে সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰি শাৰদীয় দূৰ্গোৎসৱৰ আনন্দ লাভিছে ৷ মা দূৰ্গা দেবীৰ আশীষ লবলৈ খৈৰাবাৰীৰ এই পূজামণ্ডপ স্হলীত হাজাৰ হাজাৰ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.