ETV Bharat / state

বৰপেটাৰ কয়াকুছিত অনুষ্ঠিত গ্ৰন্থ আৰু বাণিজ্য মেলাই কঢ়িয়াইছে সমন্বয়ৰ বাৰ্তা

সংখ্যালঘু অধ্যুষিত অঞ্চলত অনুষ্ঠিত হোৱা গ্ৰন্থ আৰু বাণিজ্য মেলাই সমাজলৈ কঢ়িয়াইছে সমন্বয়ৰ এক বাৰ্তা ৷ কয়াকুছিত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা গ্ৰন্থমেলাৰ (kayakuchi book and trade fair) প্ৰথম দিনটোত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

kayakuchi book and trade fair
বৰপেটাত কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আৰম্ভ
author img

By

Published : Dec 17, 2021, 10:08 PM IST

বৰপেটা, 17 ডিচেম্বৰ : বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা (kayakuchi book and trade fair) ৷ কয়াকুছিৰ শংকৰ-আজান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা গ্ৰন্থ আৰু বাণিজ্য মেলাৰ শুভাৰম্ভ অনুষ্ঠানত চিন্তাবিদ হাইদৰ হুছেইন, শিক্ষাবিদ ড৹ দীনেশ বৈশ্য, ড৹ জগদীশ পাটগিৰি, থানেশ্বৰ মালাকাৰ, ছাহজাহান তালুকদাৰ, অভিনেত্ৰী কল্পনা কলিতাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

kayakuchi book and trade fair
বৰপেটাত কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আৰম্ভ

সৰুক্ষেত্ৰীৰ কয়াকুছিৰ দৰে সংখ্যালঘু অধ্যুষিত অঞ্চলত গ্ৰন্থমেলা অনুষ্ঠিত কৰাত সন্তুষ্টি প্ৰকাশ কৰে বিশিষ্ট শিক্ষাবিদ ড৹ দীনেশ বৈশ্যই ৷ অসমীয়া জাতি আৰু ভাষাটোৰ বৰ্তমানৰ মৃতপ্ৰায় অৱস্থটোক লৈ উদ্বেগ প্ৰকাশ কৰে শিক্ষাবিদগৰাকীয়ে ৷

সকলোৱে একেলগে মিলি বসবাস কৰিলেহে এই সংকটৰ পৰা উদ্ধাৰ হোৱাৰ থল আছে বুলি মত প্ৰকাশ কৰে বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে ৷

লগতে পঢ়ক: অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.