বৰপেটা,11 ছেপ্তেম্বৰ: ষোড়শ শতিকাৰ পাচৰ পৰাই অসমত গুৰুজনাৰ আধ্যাত্মিক চিন্তা আৰু নৃত্য-গীতৰ প্ৰতিফলন ঘটিছিল সত্ৰসমূহৰ জৰিয়তে৷ যাৰ নিদৰ্শন আজিও বিৰাজমান হৈ আছে বৰপেটা সত্ৰত৷ বৰপেটাত গুৰু শংকৰদেৱ আৰু মাধৱদেৱে ধৰ্ম আৰু কলা-কৃষ্টিৰ চৰ্চাৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীৰ লোকক কৰি তুলিব বিচাৰিছিল কৰ্মমুখী৷ গুৰু দুজনাৰ দিনৰে পৰা চলি অহা তেনে এক শিল্প হৈছে কমাৰ শিল্প ৷
গুৰু দুজনাৰ লক্ষ্য আছিল কলা-সংস্কৃতিৰে সমৃদ্ধ এখন অৰ্থনৈতিকভাৱে সবল সমাজ গঢ়ি তোলা ৷ সেয়ে সত্ৰ স্থাপনতে সীমাৱদ্ধ নাথাকি গুৰু দুজনাই গুৰুত্ব আৰোপ কৰিছিল কমাৰ শিল্পত ৷ লো গলাই,হাতুৰীৰে গঢ়ি-পিটি বিভিন্ন সঁজুলি প্ৰস্তুত কৰা হয় এই কমাৰশালত ৷ সত্ৰ স্থাপনৰ পিছতে মহাপুৰুষ মাধৱদেৱ আৰু মথুৰাদাস বুঢ়াআতাই এই শিল্পত জড়িত লোকসকলক সংস্থাপিত কৰিছিল বৃন্দাবন হাটীত ৷
গুৰুদুজনাৰ সময়ৰে পৰাই নানা ঘাত-প্ৰতিঘাতৰ মাজতো শিল্পটোক জীয়াই ৰাখিছে কমাৰ শিল্পীসকলে ৷ বহু সময়ত নানা সমস্যাৰ সন্মুখীন হৈছে এইসকল শিল্পী ৷ বিশেষকৈ এঙাৰৰ নাটনিৰ বাবে সম্প্ৰতি শিল্পটো জীয়াই ৰখাত সৃষ্টি হৈছে তীব্ৰ প্ৰত্যাহ্বানৰ ৷ সময়ৰ সৈতে খোজ মিলাই চলিবলৈ শিল্পটোত আজিলৈকে সংযোজন নহ’ল কোনো আধুনিক পদ্ধতিৰ ৷ গুৰুদুজনাৰ সময়ৰে পৰা চলি অহা এই শিল্পটো জীয়াই ৰখাৰ স্বাৰ্থত এতিয়া প্ৰয়োজন হৈছে চৰকাৰৰ সহায়ৰ ৷
লগতে চাওকঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন কৰ্মীৰ ৰাষ্ট্ৰীয় শ্বহীদ দিৱস উদযাপন