বৰপেটা, 19 মাৰ্চ: বৃহস্পতিবাৰে শ শ সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰিলে ৰাইজৰ দলৰ প্ৰাৰ্থী কমল কুমাৰ মেধীয়ে ৷ ভৱানীপুৰ সমষ্টিৰ পৰা ৰাইজৰ দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে মেধী ৷ মনোনয়ন দাখিলৰ সময়তেই সমষ্টিটোৰ অগপ দলৰ প্ৰাৰ্থী ৰঞ্জিত ডেকাক সমালোচনা কৰে প্ৰাৰ্থী গৰাকীয়ে ৷
তেওঁ কয় যে, অগপৰ প্ৰাৰ্থী ৰঞ্জিত ডেকা আৰু সভাপতি অতুল বৰাই শ্বহীদৰ কথা কোৱাৰ পূৰ্বে অসমবাসী ৰাইজৰ আগত 100 বাৰ সেৱা ল’ব লাগে ৷ অসম আন্দোলনৰ 855 শ্বহীদৰ ত্যাগক অতুল বৰা,কেশব মহন্ত, ফনীভূষন চৌধুৰী আৰু ৰঞ্জিত ডেকাই ভৰিৰে মোহাৰা বুলিও মন্তব্য কৰে মেধীয়ে ৷