ETV Bharat / state

নন্দিতাৰ মৃত্যুত শোক প্ৰকাশ কলগাছিয়াৰ দল-সংগঠনৰ

author img

By

Published : Aug 26, 2021, 10:34 AM IST

পাঁচদিন চিকিৎসালয়ৰ বিচনাত মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ধেমাজিৰ মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াই ৷ নন্দিতাৰ মৃত্যুৰ পাচতে শোকত ভাগি পৰিছে মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষাৰ্থীৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠন ৷ দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী সকলোৰে ৷

Kalgachia press union Tribute to Nandita
নন্দিতাৰ মৃত্যুত শোক প্ৰকাশ কলগাছিয়া প্ৰেছ ইউনিয়ন আৰু বেকী এক্সপ্ৰেছৰ

জনীয়া, 26 আগষ্ট : ধেমাজিৰ মৰিঢল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াই জীৱন-মৃত্যুৰে যুঁজ দি অৱশেষত বুধবাৰে দুপৰীয়া ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্চিংহোমত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় ৷ নন্দিতা শইকীয়াৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কলগাছিয়া প্ৰেছ ইউনিয়নৰ লগতে স্থানীয় দল-সংগঠনে ৷

কলগাছিয়া প্ৰেছ ইউনিয়নৰ লগতে অন্যান্য স্থানীয় দল-সংগঠনে বুধবাৰে সন্ধিয়া মম জ্বলাই নন্দিতা শইকীয়ালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তদুপৰি নন্দিতাৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে ছাত্ৰীগৰাকীৰ পৰিয়াললৈ এককালীন ৫০ লাখ টকাৰ সাহায্য প্ৰদানৰ বাবে চৰকাৰক দাবী জনায় ।

নন্দিতাৰ মৃত্যুত শোক প্ৰকাশ কলগাছিয়াৰ দল-সংগঠনৰ

ইয়াৰোপৰি অভিযুক্ত ৰিণ্টু শৰ্মাক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাই উপস্থিত লোকসকলে ৷

উল্লেখ্য যে, 21 আগষ্টত ধেমাজি মৰিঢল মহাবিদ্যালয়ৰ শিক্ষাৰ্থী নন্দিতা শইকীয়াক মৰিঢল মহাবিদ্যালয়ৰে লাইব্ৰেৰীত কৰ্মৰত ৰিণ্টু শৰ্মা নামৰ এজন যুৱকে ৰাজপথত বৰ্বৰোচিতভাৱে দাৰে ঘপিয়াই আহত কৰিছিল ৷ নন্দিতাৰ লগতে আন এগৰাকী যুৱতী এই আক্ৰমণত গুৰুতৰভাবে আহত হৈছিল ৷ যুৱকজনে আক্ৰমণত নন্দিতাৰ যথেষ্ট ৰক্তক্ষৰণ হোৱাত স্বাস্থ্যৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল ৷

লগতে পঢ়ক : জীৱন মৃত্যুৰে যুঁজি যুঁজি হাৰি গ’ল নন্দিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.