জনিয়া, 2 জানুৱাৰী : নৱবৰ্ষৰ পহিলা দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত সক্ৰিয় ৰূপত দেখা গৈছে জিলা প্ৰশাসন তথা আৰক্ষীক ৷ যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে পৰিবহণ বিভাগৰ লগতে আৰক্ষী (Assam police become strict against law breakers) ৷ এইক্ষেত্ৰত বাদ পৰি ৰোৱা নাই কলগাছিয়া আৰক্ষী ৷
শনিবাৰে সন্ধিয়া বৰপেটা জিলা আৰু কলগাছিয়া আৰক্ষী প্ৰশাসনে কলগাছিয়াত যান-বাহন আইন ভংগকাৰীসকলৰ লগতে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলায় (Kalgachia Police strict action against traffic rules violators) ৷ এই অভিযানৰ জৰিয়তে বহুকেইজন হেলমেট পৰিধান নকৰা আৰু ছিট বেল্ট ব্যৱহাৰ নকৰা চালকৰ পৰা জৰিমনা আদায় কৰিবলৈ সক্ষম হৈছে আৰক্ষী (Fine for traffic rule offenders in Kalgachia) ৷
![kalgachia-police-opperation-against-drink-and-drive](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14072534_kk.png)
ইয়াৰ লগতে গাড়ীত চিটবেল্টৰ ব্যৱহাৰ আৰু দুচকীয়া বাহনত চালক-আৰোহীৰ দুয়োজনে হেলমেট পৰিধান কৰিছেনে নাই (Kalgachia Police strictly implement helmet rules), সেই সন্দৰ্ভতো তন্ন-তন্নকৈ পৰীক্ষা কৰে আৰক্ষীয়ে ৷
অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ আৰক্ষী আৰু পৰিবহণ বিভাগক কঠোৰ নিৰ্দেশ দিয়াৰ পাছতেই ৰাজ্যৰ প্ৰশাসন তথা আৰক্ষীক কঠোৰ ৰূপত দেখা গৈছে ৷ তাৰপিছতো কলগাছিয়াত একাংশ বাইক আৰোহী আৰু চাৰিচকীয়া বাহনে চৰকাৰী নীতি-নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই টিঘিল-ঘিলাই ঘূৰি ফুৰিছে ৰাজপথত (Traffic rules violation in Kalgachia) ।
সেয়ে বছৰটোৰ প্ৰথমদিনা বৰপেটা জিলা আৰু কলগাছিয়া আৰক্ষী প্ৰশাসনে অভিযান চলাই হেলমেট পৰিধান নকৰা, চালকৰ অনুজ্ঞা পত্ৰ নথকা আৰু চাৰিচকীয়া বাহনত চিটবেল্ট পৰিধান নকৰা চালকসকলৰ পৰা 500-1000 টকা পৰ্যন্ত জৰিমনা সংগ্ৰহ কৰে ৷
লগতে পঢ়ক : ৩১ ডিচেম্বৰৰ নিশা ৰাজ্যত সংঘটিত হ'ল ১০৭ টা পথ দুৰ্ঘটনা