জনীয়া,২৬ ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ কলগাছিয়াত শুকুৰবাৰে এক বিশেষ কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা । বৰপেটা অসামৰিক চিকিৎসালয়ত মাতৃ আৰু শিশু যতন কক্ষৰ শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে । কাৰ্যসূচীত অংশলৈ মন্ত্ৰীগৰাকীয়ে চিকিৎসা ক্ষেত্ৰত বিজেপি চৰকাৰৰ দিনত হোৱা উন্নয়নৰ বিষয়ে অৱগত কৰে ৰাইজক । বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনিৰ লগতে আগন্তুক দিনত বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ সংখ্যা বৃদ্ধি কৰিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে ৰাইজক ।
এই কাৰ্যসূচীতে সাংবাদিকৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এক বিস্ফোৰক মন্তব্যৰো স্পষ্টীকৰণ দিয়া দেখা যায় । মিঞাৰ ভোট নালাগে বুলি কৰা মন্তব্যৰ স্পষ্টীকৰণ দি পীযুষ হাজৰিকাই কয় যে ভাৰতত থাকি যিসকলে পাকিস্তান জিন্দাবাদ বুলি কয় তেওঁলোকৰহে ভোট নালাগে বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই । পাকিস্তান জিন্দাবাদ দিয়া সকলক কিয় গ্ৰেপ্তাৰ নকৰে বুলি প্ৰশ্ন কৰাত সাংবাদিকসকলক সেইসকল লোকক বুজাবলৈ অনুৰোধ জনাই এক প্ৰকাৰৰ সেই অঞ্চলৰে বুলি সাংবাদিকসকলক তাচ্ছিল্য সুৰত মন্তব্য কৰা দেখা গ'ল মন্ত্ৰীগৰাকীক ।
লগতে পঢ়ক:মহানগৰীত ভুৱা আৰক্ষী বিষয়া আটক