ETV Bharat / state

AIUDF press meet : অপপ্ৰচাৰ সন্দৰ্ভত AIUDF নেতাৰ স্পষ্টীকৰণ - AIUDF BARPETA COMMITEE

বৰপেটা জিলাৰ AIUDF ৰ সাধাৰণ সম্পাদক খন্দকাৰ আশ্ৰাফুল মামুনৰ সংবাদমেল । খন্দকাৰ আশ্ৰাফুল ইছলাম মামুনৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিভিন্নজনে কৰা অপপ্ৰচাৰৰ বিৰুদ্ধে এই সংবাদমেল আয়োজনৰ আয়োজন কৰে AIUDF ৰ নেতাগৰাকীয়ে ।

Kalgachia AIUDF General secretary Press meet in barpeta
AIUDF ৰ সাধাৰণ সম্পাদক খন্দকাৰ আশ্ৰাফুল মামুনৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 10:02 AM IST

AIUDF ৰ সাধাৰণ সম্পাদকৰ সংবাদমেল

জনীয়া, 6 নৱেম্বৰ: AIUDF দলৰ বৰপেটা জিলা কমিটীৰ সাধাৰণ সম্পাদক খন্দকাৰ আশ্ৰাফুল ইছলাম মামুনে কলগাছিয়াত এখন সংবাদ মেলৰ আয়োজন কৰে । চলিত মাহৰ 3 নৱেম্বৰৰ দিনা বৰপেটা জিলা আৰু জনীয়া সমষ্টি কমিটীৰ এ আই ইউ ডি এফ দলৰ এক কৰ্মী সভাত এ আই ইউ ডি এফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ উপস্থিতিত খন্দকাৰ আশ্ৰাফুল ইছলাম মামুনে বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু বিধায়ক জাকিৰ হুছেইন শিকদাৰক উদ্দেশ্য কৰি অকথ্য ভাষণ প্ৰদান কৰিছিল । উক্ত ভাষণক কেন্দ্ৰ কৰি মামুনৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিভিন্নজনে তেওঁৰ পৰিয়ালক লক্ষ্য কৰি বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলাবলৈ ধৰে ।

এই বিতৰ্ক অব্যাহত থকাৰ সময়তে বৰপেটা জিলাৰ যুৱ কংগ্ৰেছৰ সভাপতি জাফৰ আলীয়ে সংবাদ মাধ্যমৰ জৰিয়তে উল্লেখ কৰিছে খন্দকাৰ আশ্ৰাফুল ইছলাম মামুনে প্ৰয়াত প্ৰাক্তন সাংসদ গোলাম উছমানিৰ সৈতে মিলি দালালি কৰিছিল ৷ ইয়াৰ পিচতে বৰপেটাত ৰাইজৰ ৰোষত পৰি তিনিদিন বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল মামুন । এই ক্ষেত্ৰত মামুনে স্পষ্টীকৰণ দি কয় যে, যেতিয়া গোলাম উছমানি জীৱিত আছিল তেতিয়া বৰপেটা চিকিৎসা মহাবিদ্যালয় নাছিল ।

গতিকে কোনো সম্পূৰ্ণ পৰিচয় নজনাকৈ এটা পৰিয়ালৰ বিষয়ে সমালোচনা কৰা ঠিক নহয় বুলি সংবাদমেল যোগে কয় মামুনে । উক্ত অপপ্ৰচাৰৰ বিৰুদ্ধে খন্দকাৰ আশ্ৰাফুল ইছলামে কলগাছিয়াত সংবাদমেলৰ আয়োজন কৰে ৷ সাংসদ আব্দুল খালেক আৰু সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সন্দৰ্ভত অব্যাহত বিতৰ্কৰ স্পষ্টীকৰণ দিয়াৰ উদ্দেশ্যৰেই এই সংবাদ মেলৰ আয়োজন কৰা হয় ।

লগতে পঢ়ক: Actor Ravi Sarma: বিতৰ্কিত মন্তব্য কৰি ক্ষমা বিচাৰিলে সেই ক্ষমাৰ কোনো মূল্য নাই; ৰবি শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.