ETV Bharat / state

এৰাবাৰীলৈ ৰূপান্তৰ কাকধোৱা উপ-স্বাস্থ্য কেন্দ্ৰ

author img

By

Published : Aug 7, 2021, 10:39 PM IST

অসম চৰকাৰৰ চূড়ান্ত অবহেলাৰ বাবেই আজিকোপতি গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ’ল কাকধোৱা উপ স্বাস্থ্য কেন্দ্ৰৰ । কাণসাৰ নাই জনপ্ৰতিনিধি কিম্বা স্বাস্থ্য বিভাগৰ ৷

এৰাবাৰীলৈ ৰূপান্তৰ কাকধোৱা উপ-স্বাস্থ্য কেন্দ্ৰ
এৰাবাৰীলৈ ৰূপান্তৰ কাকধোৱা উপ-স্বাস্থ্য কেন্দ্ৰ

বৰপেটা, 7 আগষ্ট : ৰাজ্যৰ স্বাস্থ্যখণ্ডত ব্যাপক পৰিৰ্ৱতন সাধন হৈছে বুলি অসম চৰকাৰে সততে ঢাক ঢোল বজাই থাকে ৷ কিন্তু ৰাজ্যৰ আজিও বহু গাঁৱত নাই চিকিৎসাৰ নিন্মতম সা-সুবিধা ৷ চৰকাৰৰ অৱহেলাৰ বাবেই আজিও ভিন্ন প্ৰান্তত জহি খহি যোৱাৰ উপক্ৰম হৈছে উপ-স্বাস্থ্য কেন্দ্ৰসমূহ ৷ কাণসাৰ নাই জনপ্ৰতিনিধি কিম্বা স্বাস্থ্য বিভাগৰ ৷

উল্লেখযোগ্য যে, বৰপেটা জিলাৰ কাকধোৱা উপ-স্বাস্থ্য কেন্দ্ৰৰ নামত বাৰ বছৰ পূৰ্বেই নিৰ্মাণ কৰা হৈছিল এটা চৰকাৰী গৃহ । বাৰ বছৰ পূৰ্ৱেই উপ-স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ বাবে চেঙা সমষ্টিৰ কাকধোৱাৰ ৰাইজে ভূমি দান কৰিছিল । সেই অনুসৰি চৰকাৰেও গৃহ নিৰ্মাণৰ বাবে ধন আৱন্টন দিছিল ৷ আৰু সিমানতেই যেন দায়িত্ব সমাৰিলে চৰকাৰে ।

গৃহ নিৰ্মাণ সম্পূৰ্ণ নৌহওতেই এফালৰ পৰা জহিখহি এৰাবাৰীত পৰিণত হ’ল নিৰ্মাণস্থলী । পৰিতাপৰ কথা যে, বিগত বাৰ বছৰে এই উপ-স্বাস্থ্য কেন্দ্ৰতো মুকলি কৰা নহ’ল ।

তাৰ পৰিৰ্ৱতে এজোপা ঔগছত ওলমি ৰৈছে বৰপেটা জিলাৰ অন্তৰ্গত কাকধোৱা উপ-স্বাস্থ্য কেন্দ্ৰৰ ফলকখন । ঔগছত ওলমি নিজৰ অস্তিত্ব জাহিৰ কৰি আছে উপ-স্বাস্থ্য কেন্দ্ৰটোৱে । অতিপৰিতাপৰ কথা যে, চৰকাৰে উপ-স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ বাবে টকা আৱন্টন দিয়াৰ পাছতো এতিয়া প্ৰায় দুই কিলোমিটাৰ আঁতৰত এটা ভাড়া ঘৰত চলি আছে কাকধোৱা উপ-স্বাস্থ্য কেন্দ্ৰটো ।

এয়াই হৈছে অসমৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ প্ৰকৃত দৃশ্য ৷ যি সময়ত ক’ভিড মহামাৰীৰ বাবে ৰোগী চিকিৎসা কৰিবৰ বাবে চিকিৎসালয়ৰ অভাবে দেখা দিছিল সেই সময়তে এনে দৰে চিকিৎসালয় নিৰ্মাণৰ নামত চৰকাৰী ধন অপব্যৱহাৰ কৰা কাৰ্যই সচেতন মহলৰ চকু কপালত তুলিছে ৷

লগতে পঢ়কঃ ভিত্তিহীন হৈ পৰিব নেকি দুবছৰীয়া বিএড পাঠ্যক্ৰম?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.