ETV Bharat / state

অসমৰ সংবাদগোষ্ঠী সমূহৰ বাবে অৰ্থনৈতিক পেকেজৰ দাবী

author img

By

Published : Nov 19, 2020, 10:42 PM IST

ক'ৰণাসৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত সংবাদ গোষ্ঠী সমূহৰ বাবে অৰ্থনৈতিক পেকেজৰ দাবী জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ ৷ অসমত সাংবাদিক সুৰক্ষা আইন প্ৰস্তুত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে ৰাজ্যত দুৰ্বৃত্তৰ হাতত হত্যাৰ বলি হোৱা 32 গৰাকীকৈ সাংবাদিকৰ বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশৰ আহ্বান সংগঠনটোৰ ৷

অসমৰ সংবাদগোষ্ঠী সমূহৰ বাবে অৰ্থনৈতিক পেকেজৰ দাবী
অসমৰ সংবাদগোষ্ঠী সমূহৰ বাবে অৰ্থনৈতিক পেকেজৰ দাবী

বৰপেটা,19 নৱেম্বৰ: অসমৰ সংবাদগোষ্ঠী সমুহক বিশেষ অৰ্থনৈতিক পেকেজ আগবঢ়াবলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ ৷ ক'ৰণা মহামাৰী আৰু লকডাউনৰ ফলত বিধ্বস্ত হৈ পৰা দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰ আৰু ঔদ্যোগিক ক্ষেত্ৰ সমুহৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা অৰ্থনৈতিক পেকেজৰ ধন ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যম সমূহকো আগবঢ়াবলৈ সাংবাদিক সংস্থাটোৱে দাবী উত্থাপন কৰিছে ৷ বৃহস্পতিবাৰে বৰপেটা ৰোড চহৰৰ হোটেল সুৰুচিত জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ ৰাজ্যিক পৰ্যায়ৰ এখনি কৰ্মশালাত এই সম্পৰ্কে কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

ক'ৰণা অতিমাৰীসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংবাদ মাধ্যমসমূহে সন্মুখীন হৈ অহা পৰিস্থিতি তথা সংবাদ মাধ্যমৰ ওপৰত ক্ৰমবৰ্ধমান আক্ৰমণৰ ঘটনা সন্দৰ্ভত উক্ত কৰ্মশালাখন অনুষ্ঠিত হয় ৷ ক'ৰণা মহামাৰী আৰু লকডাউনে সংবাদ মাধ্যম সমুহলৈ কঢ়িয়াই অনা অৰ্থনৈতিক বোজাৰ ভাগ একাংশ প্ৰতিষ্ঠানে সাংবাদিকৰ মূৰৰ ওপৰলৈ ঠেলি নিদি এইক্ষেত্ৰত চৰকাৰৰ পৰা আৰ্থিক সকাহ বিচাৰিবলৈ সাংবাদিক সংস্থাটোৱে মালিক পক্ষৰ প্ৰতি আহ্বান জনায় ৷

বিশেষকৈ সাংবাদিকৰ দৰমহা কৰ্তনৰ সিদ্ধান্ত উঠাই লবলৈ সংবাদ মাধ্যমৰ মালিকপক্ষৰ প্ৰতি আহ্বান জনোৱাৰ লগতে অসমত সাংবাদিকৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পাই অহা আক্ৰমণৰ ঘটনা ৰোধ কৰাৰ বাবে মহাৰাষ্ট্ৰৰ দৰে অসমতো সাংবাদিক সুৰক্ষা আইন প্ৰস্তুত কৰাৰ বাবেও সংস্থাটোৱে এক আহ্বান জনায় ৷ ইয়াৰ লগতে ৰাজ্যখনত দুৰ্বৃত্তৰ হাতত হত্যাৰ বলি হোৱা 32 গৰাকীকৈ সাংবাদিকৰ বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত এখন শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামে ৰাজ্য চৰকাৰক দাবী জনায় ৷

কৰ্মশালাত অসমীয়া প্ৰতিদিনৰ জেষ্ঠ সাংবাদিক ৰনজিৎ কুমাৰ শৰ্মা,তেজপুৰৰ প্ৰণৱ কুমাৰ দাস,গুৱাহাটীৰ বেদব্ৰত লহকৰ,চেমিম চুলতানা আহমেদ,সবিতা লহকৰ,সুস্মিতা গোস্বামী আৰু মুকুল কলিতাৰ লগতে জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ সম্পাদক ধনজিৎ দাস আৰু আন কেবাগৰাকীয়ে তেওঁলোকৰ বক্তব্য আগবঢ়ায় ৷

শেহতীয়াকৈ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ হত্যা আৰু মিৰ্জাত সংঘটিত সাংবাদিক নিৰ্যাতনৰ ঘটনাৰ লগতে সাংবাদিকৰ ওপৰত চলা আক্ৰমণৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰি এইক্ষেত্ৰত অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সাংবাদিক সংস্থাটোৱে চৰকাৰক দাবী জনায় ৷
লগতে পঢ়ক: দেৱালত অখিলৰ ছবি অংকন কৰি আটক হ'ল চিত্ৰশিল্পী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.