ETV Bharat / state

বজালীত লোকনিৰ্মাণ বিভাগ আৰু পঞ্চায়ত প্ৰতিনিধিৰ যৌথ সন্মিলন

author img

By

Published : May 27, 2021, 10:09 AM IST

নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ সংকল্পবদ্ধ পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰণজিৎ দাস । মন্ত্ৰী ৰণজিৎ দাসৰ নিৰ্দেশত বুধবাৰে বজালী জিলাৰ পাটাছাৰকুছি আৰ্ৱত ভৱনত পঞ্চায়ত প্ৰতিনিধি আৰু লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলৰ মাজত এখন যৌথ সভা অনুষ্ঠিত হয় ।

bajali
বজালীত লোকনিৰ্মাণ বিভাগ আৰু পঞ্চায়ত প্ৰতিনিধিৰ যৌথ সন্মিলন

বজালী, ২৭ মে': নিৰ্বাচনৰ পূৰ্বে ৰাইজক দিয়া প্ৰতিশ্ৰুতিৰে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰণজিৎ দাসৰ নিৰ্দেশত বুধবাৰে বজালী জিলাৰ পাটাছাৰকুছি আৰ্ৱত ভৱনত পঞ্চায়ত প্ৰতিনিধি আৰু লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলৰ মাজত এখন যৌথ সভা অনুষ্ঠিত হয় । যিসমূহ পঞ্চায়তত লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত আঁচনিসমূহ আজি পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই সেইসমূহ আঁচনি সম্পূৰ্ণ কৰাৰ লগতে যি নতুন আঁচনিৰ ৰাস্তা-ঘাট, কালভাৰ আদিৰ কাম এতিয়াও হোৱা নাই সেইসমূহ আঁচনি নতুন কৈ অন্তৰ্গত কৰি যাতে সফল ৰূপায়ণ হয় সেই বিষয়ে সভাখনত আলোচনা কৰা হয় ।

এই সভাত ১৮ খন পঞ্চায়তৰ সভাপতি-সভানেত্ৰী, সদস্যসকলৰ লগতে সচিব আৰু জিলা পৰিষদৰ সদস্যসকলো উপস্থিত থাকে । লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা পৰেশ হালৈয়ে কেবিনেট মন্ত্ৰী ৰণজিৎ দাসক উচ্চ প্ৰশংসা কৰাৰ লগতে পঞ্চায়ত প্ৰতিনিধিসকলক কামসমূহ নিয়াৰিকৈ কৰাৰ বাবে আহ্বান জনায় । সভাখনত উপস্থিত থাকে লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা পৰেশ হালৈ, সহকাৰী অভিযন্তা ইমামুল ইছলাম, সহকাৰী অভিযন্তা লাৱণ্য পাটগিৰী, কনক কলিতা, ৰাতুল নাথৰ লগতে পঞ্চায়তৰ বিষয়ববীয়াসকল ।

লগতে পঢ়ক: জাগীৰোড ষ্টেচনৰ পৰা পলাতক 32 যাত্ৰীৰ ক’ভিড পৰীক্ষা সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.