ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা আৰু অপূৰ্ব অধিকাৰীলৈ মৃ্ত্যুৰ ভাবুকি ! - সৰভোগস্থিত মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ পুত্ৰলৈ জেএমবিৰ পত্ৰ প্ৰদান

বৰপেটাৰ সৰভোগস্থিত মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ ভতিজা ছোৱালীক অপহৰণ কৰা হোৱা নাছিল প্ৰেমৰ বাবেহে পলুৱাই নিয়া হৈছিল বুলি উল্লেখ জেএমবিয়ে প্ৰদান কৰা পত্ৰত ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা আৰু অপূৰ্ব অধিকাৰীক হত্যাৰ ভাবুকি

author img

By

Published : Feb 4, 2020, 1:55 PM IST

বৰপেটাৰোড ৪ ফেব্ৰুৱাৰীঃ বৰপেটাৰ সৰভোগস্থিত মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ পুত্ৰ লগতে মইনবড়ী সত্ৰ উন্নয়ন সমিতিৰ সম্পাদক অপূৰ্ব অধিকাৰীক ইছলামিক জেহাদী সংগঠন জেএমবিৰ ভাবুকি পত্ৰ প্ৰদান কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ তথ্য অনুসৰি, বিগত 5 জানুৱাৰীত মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ বাসভৱনৰ গেটত এখন ভাবুকি পত্ৰ দি থৈ গৈছিল কোনো দুৰ্বৃত্তই ৷ পত্ৰখন লাভ কৰাৰ দুদিন পাছত মইনবড়ী সত্ৰ উন্নয়ন সমিতিৰ সম্পাদক অপূৰ্ব অধিকাৰীয়ে পত্ৰখন খুলি চোৱাত পত্ৰখনৰ জৰিয়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা আৰু অপূৰ্ব অধিকাৰীক হত্যাৰ ভাবুকি দিয়া বুলি জানিবলৈ দিয়ে ৷ লগতে উল্লেখিত তিনিওজন ব্যক্তিক ইছলামৰ চিৰ শত্ৰু বুলিও পত্ৰখনত অভিহিত কৰে ৷

লগতে পঢ়কঃ গোৱালাপাৰৰ ৰংজুলিত শোকাৱহ বাছ দুৰ্ঘটনাঃ এইপৰ্যন্ত নিহত 6 জন

আনহাতে পত্ৰখনৰ গোপনীয়তা ৰাখিবলৈয়ো উল্লেখ হয় এই পত্ৰখনত ৷ ইয়াৰোপৰি পত্ৰখনত সত্ৰৰ সত্ৰাধিকাৰৰ ভতিজা ছোৱালীক অপহৰণ কৰা হোৱা নাছিল প্ৰেমৰ বাবেহে পলুৱাই নিয়া হৈছিল বুলি উল্লেখ কৰে ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত সম্পাদক অপূৰ্ব অধিকাৰীয়ে 19 জানুৱাৰীত সৰভোগ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ উল্লেখ্য যে, CAA বিৰোধী আন্দোলন চলি থকাৰ সময়ত চলিত বৰ্ষৰ ৫ জানুৱাৰীত প্ৰদান কৰা এই পত্ৰখনে ৰহস্যৰ সৃষ্টি কৰিছে ৷

Intro:বৰপেটাৰোড ৪ ফেব্ৰুৱাৰীঃ
বৰপেটাৰ সৰভোগৰ মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ পূত্ৰ অপূৰ্ব অধিকাৰীক ইছলামিক জেহাদী সংগঠন জেএমবিৰ ভাবুকি পত্ৰ প্ৰদান কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানুৱাৰী মাহৰ ৫ তাৰিখত মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ বাসভৱনৰ গেটত এই ভাবুকি পত্ৰ দি থৈ গৈছিল ৷ পত্ৰখন লাভ কৰাৰ দুদিন পাছত মইনবড়ী সত্ৰ উন্নয়ন সমিতিৰ সম্পাদক অপূৰ্ব অধিকাৰীয়ে পত্ৰখন খুলি চোৱাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা আৰু অপূৰ্ব অধিকাৰীক হত্যাৰ ভাবুকি দিয়া বুলি প্ৰত্যক্ষ কৰে৷ লগতে হিমন্তবিশ্ব শৰ্মা, জয়ন্তমল্ল বৰুৱা আৰু অপূৰ্ব অধিকাৰীক ইছলামৰ চিৰ শত্ৰু বুলি অভিহিত কৰিছে ৷ এই পত্ৰখন গোপন ৰাখিবলৈ কোৱা উল্লেখ আছে ৷ সত্ৰৰ সত্ৰাধিকাৰৰ ভতিজা ছোৱালীক অপহৰন কৰা হোৱা নাছিল প্ৰেমৰ বাবেহে পলুৱাই নিয়া হৈছিল বুলিও পত্ৰখনত উল্লেখ আছে ৷ এই ঘটনা সম্পৰ্কত মইনবড়ী সত্ৰ উন্নয়ন সমিতিৰ সম্পাদক অপূৰ্ব অধিকাৰীয়ে জানুৱাৰী মাহৰ ১৯ তাৰিখত সৰভোগ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷
উল্লেখ্য যে CAA বিৰোধী আন্দোলন চলি থকাৰ সময়ত যোৱা ৫ জানুৱাৰীত প্ৰদান কৰা এই পত্ৰখনে ৰহস্যৰ সৃষ্টি কৰিছে ৷ Body:বৰপেটাৰোড ৪ ফেব্ৰুৱাৰীঃ
বৰপেটাৰ সৰভোগৰ মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ পূত্ৰ অপূৰ্ব অধিকাৰীক ইছলামিক জেহাদী সংগঠন জেএমবিৰ ভাবুকি পত্ৰ প্ৰদান কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানুৱাৰী মাহৰ ৫ তাৰিখত মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ বাসভৱনৰ গেটত এই ভাবুকি পত্ৰ দি থৈ গৈছিল ৷ পত্ৰখন লাভ কৰাৰ দুদিন পাছত মইনবড়ী সত্ৰ উন্নয়ন সমিতিৰ সম্পাদক অপূৰ্ব অধিকাৰীয়ে পত্ৰখন খুলি চোৱাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা আৰু অপূৰ্ব অধিকাৰীক হত্যাৰ ভাবুকি দিয়া বুলি প্ৰত্যক্ষ কৰে৷ লগতে হিমন্তবিশ্ব শৰ্মা, জয়ন্তমল্ল বৰুৱা আৰু অপূৰ্ব অধিকাৰীক ইছলামৰ চিৰ শত্ৰু বুলি অভিহিত কৰিছে ৷ এই পত্ৰখন গোপন ৰাখিবলৈ কোৱা উল্লেখ আছে ৷ সত্ৰৰ সত্ৰাধিকাৰৰ ভতিজা ছোৱালীক অপহৰন কৰা হোৱা নাছিল প্ৰেমৰ বাবেহে পলুৱাই নিয়া হৈছিল বুলিও পত্ৰখনত উল্লেখ আছে ৷ এই ঘটনা সম্পৰ্কত মইনবড়ী সত্ৰ উন্নয়ন সমিতিৰ সম্পাদক অপূৰ্ব অধিকাৰীয়ে জানুৱাৰী মাহৰ ১৯ তাৰিখত সৰভোগ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷
উল্লেখ্য যে CAA বিৰোধী আন্দোলন চলি থকাৰ সময়ত যোৱা ৫ জানুৱাৰীত প্ৰদান কৰা এই পত্ৰখনে ৰহস্যৰ সৃষ্টি কৰিছে ৷ Conclusion:Abdul khaleque Ahmed
Etv Bharat Assam
Barpeta road
9957907059

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.