ETV Bharat / state

Chadrayaan 3 success: চন্দ্ৰযান ৩ ৰ সফল অৱতৰণৰ পিচত প্ৰধানমন্ত্ৰীয়ে নিজেই নীল আৰ্মষ্ট্ৰং হ’বলৈ বিচাৰিছে: জিগনেশ মেৱানী

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 8:44 PM IST

"চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান 3 য়ে ছফ্ট লেণ্ডিং কৰাটো ভাৰতৰ বাবেই নহয় সমগ্ৰ মানৱ জাতিৰ এক বৃহৎ সফলতা ৷ এই ক্ষণত মই কংগ্ৰেছৰ চৰকাৰখনক স্মৰণ কৰিছো, যিসকলে 1969 চনত ইছৰ’ৰ স্থাপন কৰিছিল ৷" -গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানী

Jignesh Mevani reacts on chadrayaan 3
প্ৰধানমন্ত্ৰীয়ে নিজেই নীল আৰ্মষ্ট্ৰং হ’বলৈ বিচাৰিছে: জিগনেশ মেৱানী

বৰপেটা, 25 আগষ্ট: "চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান 3 য়ে ছফ্ট লেণ্ডিং কৰাটো ভাৰতৰ বাবেই নহয় সমগ্ৰ মানৱ জাতিৰ এক বৃহৎ সফলতা ৷ এই ক্ষণত মই কংগ্ৰেছৰ চৰকাৰখনক স্মৰণ কৰিছো, যিসকলে 1969 চনত ইছৰ’ৰ স্থাপন কৰিছিল ৷ ইয়াৰ প্ৰকৃত কৃতিত্ব লাভ কৰিব লাগে ইছৰ’ৰ স্থাপন কৰাসকলে আৰু ইছৰ’ৰ বিজ্ঞানীসকলে ৷ গতিকে মোদীয়েও কৃতিত্ব লোৱাৰ সলনি ইছৰ’ৰ বিজ্ঞানীসকলক কৃতিত্ব প্ৰদান কৰিব লাগে ৷ মই ভাবোঁ যে মোদীয়ে নিজেই নীল আৰ্মষ্ট্ৰং হ’বলৈ বিচাৰিছে ৷" বৰপেটাত এই মন্তব্য গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীৰ ৷

শুকুৰবাৰে বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হোৱাৰ পিচত মেৱানীয়ে সাংবাদিকৰ আগত চন্দ্ৰযান 3 ৰ সফলতাৰ সন্দৰ্ভত মত প্ৰকাশ কৰে ৷ লগতে তেওঁ 'I N D I A'ৰ জোঁট বন্ধনক লৈয়ো মন্তব্য প্ৰকাশ কৰি কয়, "যিধৰণে বিৰোধী দল একত্ৰিত হৈছে, মই আশাবাদী যে 24 ৰ নিৰ্বাচনত টীম I N D I A জয়ী হ’ব আৰু চৰকাৰ গঠন কৰিব ৷"

বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীক লৈ সোধা প্ৰশ্নৰ উত্তৰত I N D I A জোঁট বন্ধনত কোনো চেহেৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য প্ৰকাশ কৰে মেৱানীয়ে ৷ নিবনুৱা সমস্যা, মনিপুৰৰ পৰিস্থিতি, বিলকিচ বানুৰ গোচৰত অভিযুক্তক মুকলি আদিকে ধৰি নানা সমস্যাৰে ভাৰাক্ৰান্ত দেশত পৰৱৰ্তী নিৰ্বাচনত I N D I A জোঁটে চৰকাৰ গঠন কৰিব বুলি দাবী জিগনেশ মেৱানীৰ ৷

গুজৰাটৰ কংগ্ৰেছৰ বিধায়ক জিগনেছ মেৱানীৰ বিৰুদ্ধে বৰপেটা ৰোড থানাত ৰুজু হোৱা এটা গোচৰ মৰ্মে বিধায়কগৰাকী বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয় ৷ আদালতে অহা 2 ছেপ্টেম্বৰত পুনৰ শুনানিৰ দিন ধাৰ্য কৰে ৷ ইয়াৰ পূৰ্বে 17 জুলাইতো বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হৈছিল জিগনেশ মেৱানী ৷ আদালতত হাজিৰ হোৱাৰ পূৰ্বে জিগনেশ মেৱানীয়ে সাংবাদিকৰ সন্মুখত আজি চাৰ্জশ্বীট ফ্ৰেম হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছিল ৷

2022 চনৰ 21 এপ্ৰিলত বৰপেটা ৰোড থানাত 81/2022 নং গোচৰ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ 294/323/353/354 ধাৰাত ৰুজু হোৱা গোচৰ মৰ্মে জিগনেশ মেৱানীক বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ মূলতঃ ৰাজহুৱা দায়িত্ব পালনত বাধা আৰু মহিলা আৰক্ষীৰ শালীনতা ভংগৰ অভিযোগত বিধায়কগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ মৰ্মে আজি আদালতত হাজিৰ হয় মেৱানী ৷

হাজিৰ হোৱাৰ পূৰ্বে জিগনেশ মেৱানীয়ে ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস থকাৰ কথা উল্লেখ কৰি তেওঁৰ বিৰুদ্ধে মিছা অভিযোগেৰে গোচৰ ৰুজু কৰাৰ কথা ব্যক্ত কৰে ৷ এই গোচৰটো অকল ভুৱাই নহয়, এয়া সম্পূৰ্ণ পৰিকল্পিত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি তীৰ্যক বাক্যবাণ নিক্ষেপ কৰে মোৱানীয়ে ৷ অকল তেওঁৰ ক্ষেত্ৰতে নহয় আন কাৰো ক্ষেত্ৰতে পলিটিকেল টাৰ্গেটিং হ’ব নালাগে বুলি মুখ্যমন্ত্ৰীক উদ্দেশ্যি মন্তব্য কৰে জিগনেশ মেৱানীয়ে ৷

লগতে পঢ়ক: Assam Cabinet Meeting: হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ ১০০ সংখ্যক কেবিনেটত নতুন জিলা, উপ-জিলা গঠনৰ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.