ETV Bharat / state

বিধায়ক শ্বেৰমান আলীক তুলাধুনা জয়ন্ত মল্ল বৰুৱাৰ - বৰপেটাত নৰেন্দ্ৰ মোডীৰ জন্মদিৱস

বিধায়ক শ্বেৰমান আলীয়ে শ্বহীদক লৈ কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱাই ৷ শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম নিৰ্মাণ কৰিব খোজা মানুহৰ পৰা ইয়াতকৈ বেছি কি আশা কৰিব পাৰি বুলি মন্তব্য জয়ন্তমল্ল বৰুৱাৰ ৷

jayant-malla-baruah-harshly-criticizes-mla-sherman-ali
বিধায়ক শ্বেৰমান আলীক জয়ন্তমল্ল বৰুৱাৰ তুলাধুনা
author img

By

Published : Oct 1, 2021, 9:46 PM IST

বৰপেটা,1 অক্টোৱৰ : "যিসকল মানুহৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ লগত মিল নাই, ভাৰতীয় সনাতনী সভ্যতা বুজি নাপায়, আৰবীয় সভ্যতা সংস্কৃতিৰ মাজত ডাঙৰ হৈছে তেওঁলোকে শ্বহীদ আৰু দানবৰ কথা বুজি নাপায় ৷ তেওঁলোক দানবৰ মাজত ডাঙৰ হৈছে ৷ দেশৰ কাৰণে ত্যাগ কৰা শ্বহীদ কি তেওঁলোকে বুজি নোপোৱাটোৱে স্বাভাৱিক ৷" বিধায়ক শ্বেৰমান আলীৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱাই ৷

বিধায়ক শ্বেৰমান আলীক জয়ন্তমল্ল বৰুৱাৰ তুলাধুনা

আনহাতে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম নিৰ্মাণ কৰিব খোজা মানুহৰ পৰা ইয়াতকৈ আৰু কি আশা কৰিব পাৰি বুলিও প্ৰশ্ন কৰে জয়ন্ত মল্ল বৰুৱাই ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ জাতিটো ৰক্ষাৰ কামত অগ্ৰসৰ হৈছে বুলি মন্তব্য কৰি এই কামত সকলোকে ব্ৰতী হোৱাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব গৰাকীয়ে ৷ আনহাতে ভূপেন বৰাৰ মন্তব্য প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জয়ন্ত মল্ল বৰুৱাই ৷

তেওঁ কয়, কংগ্ৰেছ দলটো ইমানদিনে ছাদুল্লাৰ আদৰ্শতে চলি আছে ৷ মুখত গান্ধীৰ কথা কয় যদিও ছাদুল্লাৰ আদৰ্শতহে চলে কংগ্ৰেছ ৷ বিধায়ক শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰৰ বাবে উঠা দাবী সম্পৰ্কত জয়ন্ত মল্ল বৰুৱাই কয় যে, চৰকাৰে নিশ্চয়কৈ আইনগত ব্যৱস্থা ল'ব ৷ আইনৰ কোনটো দফাই তেওঁক সামৰি ল’ব সেই কথা চৰকাৰে লক্ষ্য ৰাখিছে ৷

কিন্তু শ্বেৰমানক গ্ৰেপ্তাৰ কৰাটোৱেই মূল কথা নহয় বুলি মন্তব্য কৰে বৰুৱাই ৷ ইয়াৰ জৰিয়তে অসমীয়া জাতিলৈ অহা ভাবুকিটোহে জাতিটোৱে বুজি উঠিব লাগিব বুলি মন্তব্য কৰিছে জয়ন্ত মল্ল বৰুৱাই ৷

লগতে পঢ়ক : মানসিক বিকৃতি ঘটিছে শ্বেৰমান আলীৰ : পীযুষ হাজৰিকা

ইফালে উপ-নিৰ্বাচনত কংগ্ৰেছ এজেপিৰ মিত্ৰতা প্ৰসংগত জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য, "লুৰিণজ্যোতি গগৈৰ অসমৰ ৰাজনীতিত প্ৰাসংগিকতা নাই ৷ তেওঁ নিজকে ৰাজনৈতিকভাৱে জীয়াই থকা বুলি ভবাটোৱেই ডাঙৰ কথা ৷ মই হোৱা হ’লে ৰাজনৈতিক সন্যাস ল’লোহেতেন ৷ লগতে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰা 5 টা সমষ্টিৰ আটাইকেইটা সমষ্টিতেই বিজেপি মিত্ৰজোট জয়ী হ'ব বুলি দাবী কৰিলে জয়ন্ত মল্ল বৰুৱাই ৷

উল্লেখ্য যে, শুকুৰবাৰে বৰপেটাত নৰেন্দ্ৰ মোডীৰ জন্মদিৱসৰ 20 দিনীয়া কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজিত নাগৰিক সভাত অংশগ্ৰহণ কৰি এই সমূহ মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই ৷

লগতে পঢ়কঃ গৃহ জিলাত জ্বলিল শ্বেৰমান আলী আহমেদৰ প্ৰতিকৃতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.