জনীয়া, 18 অক্টোবৰ: বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ছনপুৰাৰ পৰা চিদুনী হাইস্কুল হৈ গোবিন্দপুৰলৈ যোৱা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অনুমোদিত বিত্তীয় বৰ্ষ ২০১৭-১৮ চনৰ অধীনত নিৰ্মাণ হবলগীয়া উক্ত ৯ কিলোমিটাৰ পথচোৱা শনিবাৰে জনীয়াৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামৰ উপস্থিতিত বৰপেটাৰ সাংসদ আব্দুল খালেকে আধাৰশিলা স্থাপন কৰে ৷
জনীয়া জিলা পৰিষদৰ সদস্য এম হাবিবুল্লাহৰ সভাপতিত্বত পৰিচালিত অনুষ্ঠানটোত গড়কাপ্তানি বিভাগৰ অভিযন্তা, বিষয়াসহ ভালে সংখ্যক স্থানীয় জনপ্ৰতিনিধি উপস্থিত থাকে ৷ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত সাংসদ আব্দুল খালেকে বিজেপি চৰকাৰক সমালোচনা কৰাৰ লগতে বিজেপি নেতা মমিনুল আৱালক ভেজাল মুছলমান আখ্যা দিয়ে ৷ লগতে বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে বিজেপিক জুমলা বাজিৰ চৰকাৰ বুলি কয় ৷
লগতে পঢ়ক: দাবী পূৰণৰ বাবে ত্ৰিপুৰাত CPIM ৰ প্ৰতিবাদ