জনিয়া,18 জানুৱাৰী : জৰাজীৰ্ণ গৃহ আৰু পৰ্যাপ্ত কোঠালিৰ অভাৱত দুৰ্ভোগ ভূগিব লগা হৈছে ৰাজ্যৰ সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষী বিভাগ। জনিয়াৰ বৰভিটা আৰক্ষী চকীৰ অৱস্থা তথৈবচ হৈ পৰাত চৰকাৰক সমালোচনা আগবঢ়ায় জনিয়াৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে ৷
জনিয়াৰ বিধায়ক ইছলামে বৰভিটা আৰক্ষী চকী পৰিদৰ্শন কৰি অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিভাগৰ এনে অৱস্থা অতি দুখজনক বুলি মন্তব্য কৰে ৷ থানা গৃহসমূহ নিৰ্মাণৰ বাবে প্ৰায় চাৰি বছৰ আগতে প্ৰচেষ্টা হাতত লোৱা হৈছিল যদিও আজিকোপতি সম্ভৱপৰ হৈ নুঠিল বুলি মন্তব্য কৰে ইছলামে ৷ প্ৰায় 400 বিল্ডিং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও মাত্ৰ 53 খনৰহে কাম কৰা হৈছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷
আৰক্ষী বিভাগৰ লোকসকল থানা গৃহসমূহত যিদৰে থাকে সেয়া অতি দুখজনক বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ তেওঁ কয় যে,ব্যৰ্থতাৰ এটা সীমা থাকিব লাগে ৷ এনে আৰক্ষী চকীত কোনো লোকে বাস কৰিবলৈ নিবিচাৰিব বুলি কটাক্ষ কৰে বিধায়কগৰাকীয়ে ৷
কনিষ্টবলসকলৰ হাথিয়াৰসমূহ বাকছত ভৰাই অন্য ঠাইত ৰাখিব লগা হয় ৷ এনে নকৰিলে হাথিয়াৰ চুৰি হোৱাৰো সম্ভাৱনা আছে বুলি মন্তব্য কৰে বিধায়কজনে ৷
উল্লেখযোগ্য যে, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ তিনি শতাধিক আৰক্ষী থানাৰ নতুন বিল্ডিং নিৰ্মাণ কৰিব বুলি ঘোষণা কৰিছিল যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। ফলত আজিও ৰাজ্যৰ নিৰাপত্তাৰ দায়িত্বত থকা স্বয়ং আৰক্ষীয়েই নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে।
লগতে পঢ়ক : 21 জানুৱাৰীত ঘেৰাও কৰিব তিনিচুকীয়া উপায়ুক্তৰ কাৰ্যালয়ঃ TMPK