ETV Bharat / state

হৰ্ছ ট্ৰেডিং সন্দৰ্ভত জাকিৰ হুছেইন সিকদাৰৰ প্ৰতিক্ৰিয়া

author img

By

Published : Apr 10, 2021, 8:57 PM IST

সৰুক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰৰ হৰ্ছ ট্ৰেডিঙকলৈ বিশেষ মন্তব্য । তেওঁৰ মতে কিনা-বেচাৰ যি কথা উত্থাপন হৈছে সেই কথাত তেওঁ সমৰ্থন নকৰে ।এতিয়াও সেই পৰিৱেশ হৈ উঠা নাই বুলি ক'লে সিকদাৰে । তেওঁৰ বিশ্বাস মহাজোঁট বন্ধনৰ অংশীদাৰ দলে এইবাৰ কোনো কিনা-বেচাৰ ৰাজনীতত সোমাই নপৰে । আগন্তুক দিনত গণতন্ত্ৰৰ প্ৰতি ভাবুকি অহা কোনো কামেই ৰাজনৈতিক দলে নকৰে বুলিও মন্তব্য কৰে জাকিৰ হুছেইন সিকদাৰে ।

হৰ্ছ ট্ৰেডিং সন্দৰ্ভত জাকিৰ হুছেইন সিকদাৰৰ প্ৰতিক্ৰিয়া
হৰ্ছ ট্ৰেডিং সন্দৰ্ভত জাকিৰ হুছেইন সিকদাৰৰ প্ৰতিক্ৰিয়া

বৰপেটা,১০ এপ্ৰিল: শেহতীয়াকৈ অসমৰ ৰাজনীতিত হৰ্ছ ট্ৰেডিঙে বিশেষ চৰ্চা লাভ কৰিছে । ইয়াৰ মাজতে সৰুক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰৰ হৰ্ছ ট্ৰেডিঙকলৈ বিশেষ মন্তব্য । তেওঁৰ মতে কিনা-বেচাৰ যি কথা উত্থাপন হৈছে সেই কথাত তেওঁ সমৰ্থন নকৰে । এতিয়াও সেই পৰিৱেশ হৈ উঠা নাই বুলি ক'লে সিকদাৰে । তেওঁৰ বিশ্বাস মহাজোঁট বন্ধনৰ অংশীদাৰ দলে এইবাৰ কোনো কিনা-বেচাৰ ৰাজনীতত সোমাই নপৰে । আগন্তুক দিনত গণতন্ত্ৰৰ প্ৰতি ভাবুকি অহা কোনো কামেই ৰাজনৈতিক দলে নকৰে বুলিও মন্তব্য কৰে জাকিৰ হুছেইন সিকদাৰে ।

ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ নাম বেছি উচ্চাৰিত হৈ আছে, কংগ্ৰেছ বিজেপি নাম ল'লে বেছি ভাল পাম বুলি মন্তব্য জাকিৰ হুছেইন সিকদাৰৰ । ইপিনে গোপন বুজাবুজি সন্দৰ্ভত সোধা প্ৰশ্নত তেওঁ কয় যে হিমন্তৰ লগত নহয়,কংগ্ৰেছ দলৰ লগতহে ।

হৰ্ছ ট্ৰেডিং সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাক মাষ্টাৰ আখ্যা দিয়া সন্দৰ্ভত জাকিৰ হুছেইন সিকদাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ভাল কামতহে মাষ্টাৰ আখ্যা দিয়া হয়, বেয়া কামত মাষ্টাৰ আখ্যা দিয়া নহয় । হিমন্ত বিশ্ব শৰ্মাৰ স'তে সু-সম্পৰ্ক থকা প্ৰশ্নৰ উত্তৰত জাকিৰ হুছেইন সিকদাৰে কয় যে বিধায়ক হৈ থাকোঁতে সমষ্টিৰ উন্নয়নৰ বাবে মন্ত্ৰী-বিষয়াৰ সৈতে তেওঁ সম্পৰ্ক ৰাখিছে, সেইবুলি নিজৰ বিশ্বাস, দলৰ নীতি-আদৰ্শক জলাঞ্জলি দি অন্য দলক সমৰ্থন কৰিব তেনেকুৱা নহয় ।

তেওঁ নিশ্চিত যে এইবাৰ মহাজোঁটৰ চৰকাৰ হ'ব ৷ কংগ্ৰেছ দলৰ কোনো বিধায়কে লৰচৰ নকৰে । আনহাতে, শ্বেৰমান আলীয়ে ব্যক্তিগত কাৰণত বাহিৰলৈ যাব পাৰে বুলি মন্তব্য জাকিৰ হুছেইন সিকদাৰৰ ৷

লগতে পঢ়ক:ডিব্ৰুগড়ত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত মকড্ৰিল

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.