বৰপেটা, ২২ ছেপ্টেম্বৰ : ৰাজ্যখনৰ বধিৰসকল বিভিন্ন ধৰণে বঞ্চিত হৈ আহিছে । বধিৰসকলৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰি আহিছে যদিও সেইবোৰ আঁচনিৰ সুফল লাভ কৰা নাই ৰাজ্যখনৰ বধিৰসকলে । অসম বধিৰ সন্থাই ২০ ছেপ্টেম্বৰৰ পৰা ৰাজ্যজুৰি পালন কৰিছে বধিৰসকলৰ ৬৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সাংকেতিক ভাষা দিৱস ।
সপ্তাহজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম বধিৰ সন্থাৰ সম্পাদক তপন কুমাৰ শৰ্মাই বধিৰসকলে সন্মুখীন হোৱা সমস্যা সম্পৰ্কে সংবাদ মাধ্যমৰ আগত মনৰ অসন্তুষ্টি প্ৰকাশ কৰে ৷ দো-ভাষীৰ জৰিয়তে বধিৰ সন্থাৰ সম্পাদকগৰাকীয়ে অৱগত কৰিলে ৰাজ্যখনত বধিৰসকলে সন্মুখীন হোৱা শৈক্ষিক সমস্যাৰ কথাও । তেওঁ জনোৱা মতে ৰাজ্যখনৰ প্ৰায় ১২ লাখ বধিৰৰ বিপৰীতে অসমত মাত্ৰ দুখন বধিৰ বিদ্যালয়হে আছে ৷
য'ত মাত্ৰ ৫৫০ গৰাকী বধিৰ শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰিব পাৰে ৷ ৰাজ্যখনৰ আটাইকেইখন জিলাত বধিৰ বিদ্যালয় নাই আৰু তাৰ ফলত বৃহৎ সংখ্যকেই শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ৷ সেয়ে বধিৰসকলৰ শিক্ষাৰ উন্নয়নৰ বাবে ৰাজ্যখনত অধিক শিক্ষানুষ্ঠান স্থাপনৰো দাবী জনায় বধিৰ সন্থাই ৷ অসমৰ বধিৰ বিদ্যালয়সমূহৰ পৰা অসমীয়া বিষয়টো কিয় উঠাই দিয়া হ'ল বুলি ক্ষোভ প্ৰকাশ কৰি অসমীয়া বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ দাবী জনায় সন্থাই ৷
আনহাতে, নৰেন্দ্ৰ মোডী (Narendra Modi) চৰকাৰে প্ৰতিবন্ধীসকলৰ বাবে গ্ৰহণ কৰা বিশেষ আঁচনি ফাইলতে সীমাবদ্ধ থকা বুলিও ক্ষোভ উজাৰে তেওঁলোকে ৷ ইফালে বধিৰসকলৰ সংস্থাপনৰ বাবে ভূমি আৱন্টন দিয়া, মাহেকীয়া পেঞ্চন এহেজাৰ টকাৰ পৰা তিনি হাজাৰ টকালৈকে বৃদ্ধি কৰা আদি ২৬ দফীয়া দাবীসমূহ পূৰণ কৰিবলৈও চৰকাৰক আহ্বান জনায় সন্থাই ৷
উল্লেখ্য যে, প্ৰতিবছৰে ২৩ ছেপ্টেম্বৰৰ দিনটো আন্তঃৰাষ্ট্ৰীয় সাংকেতিক ভাষা দিৱস (International Day of Sign Languages) হিচাপে পালন কৰা হয় ৷ বিশ্বৰ ২৬ খন দেশৰ লগতে অসমতো ২০ ছেপ্টেম্বৰৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে পালন কৰা বধিৰসকলৰ ৬৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সাংকেতিক ভাষা দিৱসৰ সপ্তাহজোৰা কাৰ্যসূচী অনুসৰি বধিৰ সন্থাৰ অনুষ্ঠানত বৰপেটা জিলা প্ৰশাসনৰ কোনো বিষয়া উপস্থিত নোহোৱাকলৈও তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে অসম বধিৰ সন্থাই ৷