বজালী, 19 জুন : ৰাজ্যত চলি আছে লকডাউনৰ লগতে সন্ধ্য আইন ৷ তাৰেই যেন সুযোগ গ্ৰহণ কৰি দুষ্কাৰ্যত নামি পৰিছে একাংশ দুৰ্বত্তই । বিগত কেইমাহ মানৰ পৰা ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে গৰু চুৰিৰ ঘটনা । বজালী জিলাত যোৱা কেইদিনমান ধৰি গৰু চোৰে নিদ্ৰা হৰণ কৰিছে গো পালক সকলকৰ । নিশা হ'লেই চোৰে গোহালিৰ পৰা গৰু চুৰ কৰিব বুলি চিন্তিত হৈ পৰিছে ৰাইজ ৷
সঘনাই হোৱা গৰু চুৰিৰ ঘটনাই বাৰুকৈ আঘাত কৰিছে কৃষক সকলক । তাৰ পৰিপেক্ষত কিছু পৰিমানে সষ্টম হৈছে বজালী ৰাইজ ৷ কিছু কিছু গাঁৱত নিশা পহৰা দিয়াৰ ব্যৱস্থা কৰিছে গাঁওবাসীয়ে । শনিবাৰে বজালী জিলাৰ সীমান্তৱৰ্তী কাহাৰপৰা গাঁৱৰ ৰাইজে আটক কৰিছে গৰুসহ এখন বাহন ৷
ঘটনাৰ বিবৰণ অনুসৰি পুৱা প্ৰায় ৪.৩০ মান বজাত ৮ টা গৰু গাড়ী খনত ভৰাই লৈ গৈ থকাৰ অৱস্থাত ৰাইজৰ সন্দেহ ওপজাত গাড়ীখন আটক কৰি সোধ পোচ কৰাত দুজন চোৰক আটক সক্ষম হয় ৷ ইয়াকে লৈ সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি ৷ ৰাইজে ধৃত চোৰ কেইটাক ধৰি উত্তম মাধ্যম শোধাই বালাপৰাৰ আৰক্ষী চকীত খবৰ দিয়ে ৷ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় বাহনসহ গৰু কেইটা আৰক্ষী চকীলৈ লৈ যায় ।
লগতে পঢ়ক : চৰকাৰী আঁচনিৰ হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত বলবৎ হ'ব জনসংখ্যা নীতি