জনীয়া, 5 মে': কলগাছিয়াৰ গুনীয়ালগুৰিত সংঘটিত এক বাইক দুৰ্ঘটনাত গুৰুতৰভাবে আহত হোৱা শ্বাসাজ উদ্দীনৰ অৱশেষত গুৱাহাটী মেডিকেল কলেজত মৃত্যু ঘটে (Injured Man Dies in GMCH) । বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়া-গুনীয়ালগুৰি সংযোগী পথত বিগত ২৮ এপ্ৰিলৰ সন্ধিয়া সংঘটিত হৈছিল এক পথ দুৰ্ঘটনা । এই দূৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল ৬০ ৰ উৰ্দ্ধৰ এইগৰাকী লোক ।
জানিব পৰা মতে, গুনীয়ালগুৰিস্থিত নিজা ঘৰৰ পৰা সন্ধিয়া তাৰাবীৰ নামাজ পঢ়িবলৈ চাইকেলেৰে মছজিদলৈ গৈ থকা অৱস্থাত AS15 U 1376 নম্বৰৰ বাইক এখনে পিছ ফালৰপৰা খুন্দিওৱাৰ ফলত শ্বাসাজ উদ্দীন নামৰ (৬০) নামৰ লোকজন আহত হৈছিল । আহত লোকজনক স্থানীয় ৰাইজৰ তৎপৰতাত ততাতৈয়াকৈ কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল ৷
পৰৱৰ্তী সময়ত অৱস্থা আৰু অধিক সংকটজনক হোৱা বাবে তেঁওক প্ৰেৰণ কৰা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ ৷ কিন্তু বিগত এটা সপ্তাহ মৃত্যুৰ সৈতে যুঁজি আজি পুৱা নিয়তিৰ ওচৰত হাৰ মানি তেঁও ইহ সংসাৰৰ পৰা বিদায় মাগে ।
ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী লোকজনৰ মৃত্যুত পৰিয়ালৰ লোকৰ মুৰৰ ওপৰত যেন সৰগ ভাঙি পৰিছে । সেয়েহে বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক মৃতকৰ পৰিয়ালটোক এককালীন সাহাৰ্য দি পৰিয়ালটোক সহায় কৰিবলৈ স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে আহ্বান জনাইছে ।
লগতে পঢ়ক:আগন্তুক কৃষি ঋতুত ভয়াৱহ খৰাং পৰিস্থিতিৰ আশংকা, মৌনব্ৰতত কৃষি বিভাগ