ETV Bharat / state

মীন আইন ভংগকাৰীৰ বিৰুদ্ধে বৰপেটা জিলা মীন বিভাগৰ অভিযান - ৰাজ্যত প্ৰচলিত মীন আইন

ৰাজ্যত প্ৰচলিত মীন আইন অনুসৰি, 15 এপ্ৰিলৰ পৰা 15 জুলাইলৈ 14 চেন্টিমিটাৰতকৈ কম বৰ্গৰ বেৰজাল, মহাজাল, ফাঁচিজাল বা অন্য যিকোনো প্ৰকাৰৰ জালেৰে জলাশয় বা মীনমহলত মাছ ধৰা নিষেধ ৷ এই সময়ছোৱা মাছৰ প্ৰজননৰ সময় বাবে থলুৱা প্ৰজাতিৰ ৰৌ, বাহু, মিৰিকা, চিতল, কলীয়াজৰা, কুঁহি, বৰালি আদি গাভিনী মাছ ধৰা নিষিদ্ধ ৷

মীন আইন ভংগ কৰিলে হ'ব পাৰে 6 মাহলৈ জেল
জীৱশ্ৰেষ্ঠ মানৱৰ হাতত বিপদাপন্ন হৈছে মৎস্যকূল
author img

By

Published : Jun 21, 2020, 10:43 AM IST

বৰপেটা, 21 জুন : জীৱশ্ৰেষ্ঠ মানৱৰ হাতত বিপদাপন্ন হৈছে মৎস্যকূল ৷ এচাম লোকৰ হাতত বাছি যোৱা নাই ক্ষুদ্ৰ পোনা মাছবোৰো ৷ দহ অথবা কুৰি টকা অৰ্জন অথবা লোভৰ বশৱৰ্তী হৈ মাছৰ সৰু পোনাবোৰ ধৰিছে এছাম লোকে ৷ যাৰফলত ৰাজ্যৰ থলুৱা মৎস্যক্ষেত্ৰলৈ দূৰ্যোগ নামি অহাৰ লগতে মহলদাৰসকলো বৃহৎ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে ৷

মীন আইন ভংগকাৰীৰ বিৰুদ্ধে বৰপেটা জিলা মীন বিভাগৰ অভিযান

বৰপেটা জিলাৰ নখান্দা, পল্লা, কালদিয়া আদি নৈসমূহৰ দুয়োপাৰে ঢেঁকী জাল অথবা আন জাল পাতি মাছ ধৰিছে নৈপৰীয়া লোকসকলে ৷ মীন আইনক অংগুষ্ঠ দেখুৱাই জাল পাতি ধৰিছে পোনা মাছবোৰ ৷ ৰাজ্যত প্ৰচলিত মীন আইন অনুসৰি, 15 এপ্ৰিলৰ পৰা 15 জুলাইলৈ 14 চেন্টিমিটাৰতকৈ কম বৰ্গৰ বেৰজাল, মহাজাল, ফাঁচিজাল বা অন্য যিকোনো প্ৰকাৰৰ জালেৰে জলাশয় বা মীনমহলত মাছ ধৰা নিষেধ ৷ এই সময়ছোৱা মাছৰ প্ৰজননৰ সময় বাবে থলুৱা প্ৰজাতিৰ ৰৌ, বাহু, মিৰিকা, চিতল, কলীয়াজৰা, কুঁহি, বৰালি আদি গাভিনী মাছ ধৰা নিষিদ্ধ ৷ ইয়াৰোপৰি, 31 অক্টোবৰ পৰ্যন্ত 10 চেন্টিমিটাৰ পৰ্যন্ত দৈৰ্ঘৰ মাছবোৰ ধৰা অথবা খোৱা আইন বিৰুদ্ধ ৷ কিন্তু, মাছে কণী পাৰি পোৱালি জগোৱাৰ এই সময়ত নৈসমূহত অবৈধ মাছমৰীয়াসকল ব্যস্ত হৈ পৰিছে পোনা মাছ, গাভিনী মাছ ধৰি দুপইচা অৰ্জন কৰাত ৷

জীৱশ্ৰেষ্ঠ মানৱৰ হাতত বিপদাপন্ন হৈছে মৎস্যকূল
মীন আইন ভংগ কৰি মৎস্য চিকাৰ

ইয়াৰ মাজতেই বৰপেটা জিলা মীন বিভাগে আৰক্ষী আৰু মহলদাৰৰ সহযোগত বৰপেটা আৰু সৰুক্ষেত্ৰী সমষ্টিৰ নৈসমূহত মীন আইন ভংগ কৰা লোকসকলৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান ৷ এই অভিযানতে আৰক্ষীয়ে জব্দ কৰে বহুকেইখন জাল ৷ আনহাতে, আন একাংশক মীন আইন ভংগ নকৰিবলৈ সকীয়নি প্ৰদান কৰে মীন বিভাগে ৷ মীন আইনৰ প্ৰতি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে নৈপৰীয়া ঠাইসমূহত মীন বিভাগে পোষ্টাৰিং কাৰ্যসূচীও গ্ৰহন কৰে ৷ উল্লেখ্য যে, মীন আইন ভংগ কৰিলে 6 মাহলৈ জেল হ'ব পাৰে বুলিও সদৰি কৰে মীন বিষয়াই ৷ মীন আইন ভংগৰ বিৰুদ্ধে বিভাগটোৱে আৰম্ভ কৰা এই অভিযান অব্যাহত থাকিব বুলিও সদৰি কৰে মীন বিষয়াগৰাকীয়ে ৷

আৰু পঢ়ক : ষষ্ঠ আন্তৰাষ্ট্ৰীয় যোগ দিৱস : দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.