জনীয়া, ১৪ আগষ্ট : ৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান ক্ষণ বাকী আছে । চাৰিওফালে স্বাধীনতা দিৱসৰ (Independence day) প্ৰস্তুতি তুংগত উঠিছে । প্ৰতিখন জিলাতে প্ৰশাসনে দিৱসৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ বাবে প্ৰায় সাজু হৈ উঠিছে । বাকী জিলাসমূহৰ লগতে প্ৰতিবছৰৰ দৰে এইবাৰ বৰপেটা জিলাৰ কলগাছিয়াত মহকুমা ভিত্তিত ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব ।
আয়োজক সমিতিয়ে ইতিমধ্যে স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । দিৱস উপলক্ষে ঠায়ে ঠায়ে ছাফাই অভিযান চলোৱা হৈছে । অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য মোজাম্মেল হুচেইনক সভাপতি আৰু খন্দকাৰ আশ্ৰাফুল মামুনক সম্পাদক হিচাপে লৈ গঠিত হোৱা স্বাধীনতা দিৱস উদযাপন সমিতিৰ প্ৰস্তুতি সম্পৰ্কীয় কাৰ্যকৰী সভাও শনিবাৰে আয়োজন কৰা হয় ।
প্ৰশাসনে জনোৱা মতে, ক'ভিড প্ৰট'কল (Covid protocol) ৰক্ষা কৰি এইবাৰ স্বাধীনতা দিৱস উদযাপন কৰা হ'ব । কলগাছিয়াত মহকুমা ভিত্তিত গঠন হোৱা উদযাপন সমিতিৰ সহযোগ আৰু কলগাছিয়া বজাৰ কাৰবৰী সন্থাৰ উদ্যোগত শনিবাৰে অঞ্চলটোৰ বিভিন্ন স্থানত বিউটিফিকেশ্বনৰ কামো আৰম্ভ হৈছে ।
স্বাধীনতা দিৱস উপলক্ষে এগৰাকী ক্ৰীড়া বিদ, এগৰাকী খেতিয়ক, এগৰাকী স্বাধীনতা সংগ্ৰামীক বিশেষ সম্বৰ্ধনা জ্ঞাপনৰো ব্যৱস্থা কৰা হৈছে । ইয়াৰ উপৰিও কলগাছিয়াস্থিত ৰূপসী উন্নয়ন খণ্ডৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে নিষ্ঠাৰে কৰ্ম সম্পাদন কৰি অলপতে মৃত্যু হোৱা বাছেৰ আলি নামৰ এগৰাকী ব্যক্তিৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে তেওঁৰ পৰিয়ালক বিশেষ সম্বৰ্ধনা দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ।
ইফালে ৰাজহুৱা পতাকা উত্তোলনস্থলীত পেৰেড কৰিবলৈ কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ এনচিচি (NCC) কেডেট সকলে অনুশীলন অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :বঙাইগাঁও জিলাৰ অভয়াপুৰীত তুংগত স্বাধীনতা দিৱসৰ প্ৰস্তুতি