ETV Bharat / state

চাকৰি প্ৰত্যাশীসকলৰ বাবে প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ

নিবনুৱাসকলৰ বাবে এক সুখবৰ ৷ বৰপেটাৰোডত মঙলবাৰৰ পৰা আৰম্ভ হৈছে এক প্ৰশিক্ষণ শিবিৰ ৷ চাকৰি বিচাৰি থকা লোকসকলে এই শিবিৰত অংশগ্ৰহণ কৰি অৱতীৰ্ণ হ’ব পাৰিব নিয়োগ সম্পৰ্কীয় পৰীক্ষাত ৷

author img

By

Published : Aug 18, 2021, 12:00 PM IST

Inauguration training camp at barpeta road
আৰক্ষী আৰু সেনা বাহিনীত নিযুক্তিৰ প্রস্তুতিৰ বাবে শুভাৰম্ভ প্রশিক্ষণ শিবিৰ

বৰপেটাৰোড, 18 আগষ্ট : শীঘ্ৰে ৰাজ্যত মুকলি কৰা হ’ব বিভিন্ন বিভাগৰ খালী পদ পূৰণৰ বিজ্ঞাপন ৷ তাৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় তালিকাসমূহ প্ৰস্তুত কৰা হৈছে দিশপুৰত ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে প্ৰস্তুত কৰি উলিয়াইছে খালী পদৰ তালিকা ৷ আশা কৰা হৈছে, ছেপ্তেম্বৰ মাহত ৰাজ্য চৰকাৰে প্ৰকাশ কৰিব প্ৰথমটো নিযুক্তি সম্পৰ্কীয় বিজ্ঞাপন ৷

ৰাজ্য চৰকাৰে প্ৰায় 1 লাখ নিবনুৱাক কৰ্ম সংস্থাপন দিয়াৰ লক্ষ্য বান্ধি লৈছে ৷ চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতি লক্ষ্য ৰাখি ভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্ৰশিক্ষণ শিবিৰসমূহ ৷ তেনে এক শিবিৰ মঙলবাৰৰ পৰা আৰম্ভ হৈছে বৰপেটা ৰোডত ৷ উক্ত শিবিৰত অংশ লৈছে বহু চাকৰি প্ৰত্যাশী যুৱক-যুৱতীয়ে ৷

শেহতীয়াকৈ অসম আৰক্ষী আৰু সেনা বাহিনীত নিযুক্তিৰ বাবে ৰাজ্যৰ যুৱক-যুৱতীসকলে আৰম্ভ কৰিছে প্ৰশিক্ষণ ৷ বৰপেটাৰোডতো মঙলবাৰৰ পৰা অসম আৰক্ষী আৰু সেনা বাহিনীত নিযুক্তিৰ প্ৰস্তুতিৰ বাবে ১৫ দিনীয়া এটি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে ৷ বৰপেটাৰোডৰ ডেভেলপমেণ্ট ফ’ৰামৰ উদ্যোগত আৰু ফিজিকেল ট্ৰেইনিং একাডেমীৰ সহযোগত আয়োজন কৰা হৈছে এই শিবিৰ ৷

লগতে পঢ়ক: বিশিষ্ট অভিনেতা নিপন গোস্বামীলৈ ভৱেন বৰুৱা বঁটা

গোপীনাথ বৰদলৈ হাইস্কুল খেলপথাৰত অনুষ্ঠিত এই শিবিৰ বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ চিকাৰীয়াই বন্তি প্ৰজ্বলনেৰে মুকলি কৰে ৷ ইয়াৰ পাচতেই ফ’ৰামৰ সভাপতি জয়ন্ত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় এক উদ্বোধনী অনুষ্ঠান ৷ এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে SSB ৰ ২৭ নম্বৰ বেটালিয়নৰ চেকেণ্ড ইন কমাণ্ড অচিন্ত্য মিত্ৰই ৷

সভাত গোপীনাথ বৰদলৈ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ভূপালী পাঠক চৌধুৰী, বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাস আৰু প্ৰাক্তন সৈনিক অমৃত কুমাৰ স্বৰ্গীয়াৰী উপস্থিত থাকে ৷ সভাত উপস্থিত প্ৰতিগৰাকী ব্যক্তিয়ে উঠি অহা প্ৰজন্মক আৰক্ষী আৰু সেনা বাহিনীত যোগদান কৰিবলৈ আহ্বান জনায় ৷ ৩১ আগষ্টলৈ চলিবলগীয়া শিবিৰটোত শাৰীৰিক প্ৰশিক্ষণ, পৰীক্ষা প্ৰস্তুতি আৰু মানসিক উৎকৰ্ষ সাধনৰ বিভিন্ন বিষয় সামৰি প্ৰশিক্ষণ দিয়া হ’ব বুলি জানিবলৈ দিয়ে ফ’ৰামৰ সাধাৰণ সম্পাদক ৰমেন শৰ্মাই ৷

লগতে পঢ়ক: SBKF International Championship ত দুটাকৈ সোণৰ পদক দখল কুঞ্জলতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.