ETV Bharat / state

কলগাছিয়াত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা - বৰপেটা জিলা

বৰপেটা জিলাৰ খাটাৰটাৰীত চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ হাউলীৰ গৰাইমাৰী অভিমুখে গৈ থকা অৱস্থাত বামুনটাৰী বজাৰৰ কাষত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰেক্টৰ ৷

কলগাছিয়াত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা

author img

By

Published : May 9, 2021, 10:32 PM IST

জনীয়া, 9 মে' : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খাটাৰটাৰীত বিগত কেইবা বছৰ ধৰি বন বিভাগ আৰু আৰক্ষীৰ সহযোগিতাত চলি আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । কলগাছিয়াৰ বামুনটাৰী বিকল্প ৰাজ্যিক ঘাইপথেৰে হাউলীৰ গৰাইমাৰী অভিমুখে গৈ থকা অৱস্থাত বামুনটাৰী বজাৰৰ কাষত AS-15-C- 4319 নম্বৰৰ চোৰাং শাল কাঠ ভৰ্তি ট্ৰেক্টৰ এখন ৰাইজে জব্দ কৰে ।

কলগাছিয়াত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা

পিছ মূহুৰ্ততে চালকে জানিব দিয়া মতে, চালান বিহীন কাঠখিনি খাটাৰটাৰী গাঁৱৰ গুলবৰ হুছেইনৰ বুলি জানিব পৰা গৈছে । কাঠ মাফিয়া গুলবৰ হুছেইনৰ নেতৃত্বত প্ৰায় প্ৰতি নিশাত এনেদৰে অবৈধ চোৰাং কাঠ সৰবৰাহ কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈছে । পিছমূহুৰ্ততে ঘটনাস্থলীত কাঠ মাফিয়া গুলবৰ হুছেইনে উপস্থিত হৈ ৰাইজক নানা ভয় ভাবুকি দেখুৱাই কাঠভৰ্তি ট্ৰেক্টৰ খন লৈ উধাও হয় । কাঠ মাফিয়াক নাকী লগাবলৈ ৰাইজে প্ৰশাসনক দাবী জনাইছে ৷

লগতে পঢ়ক : ৰাজ্যৰ পঞ্চদশ গৰাকী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.