বৰপেটা, 9 মে': বৰপেটাৰোড বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বন বিষয়াৰ অকৰ্মণ্যতাত জিলাখনত চলি আছে অবৈধ কাঠৰ ব্যৱসায় ৷ বৰপেটাৰোড বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ পৰা দহ কিলোমিটাৰ আঁতৰৰ হাউলী চহৰতে চলি আছে প্ৰায় অৰ্ধশতাধিক অবৈধ কাঠৰ দোকান ৷ আনকি পৌৰসভাই আৱন্টন দিয়া বজাৰ গৃহতেই দীৰ্ঘদিন ধৰি অবৈধভাৱে চলি আছে কাঠৰ দোকান ৷ ফলত চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে ৷ হাউলী পৌৰসভা এলেকাত থকা ৫০ খনতকৈয়ো অধিক কাঠৰ দোকানৰ ভিতৰত মাত্ৰ ৭ খন কাঠৰ দোকানৰহে বৈধ অনুজ্ঞাপত্ৰ আছে ৷ বাকী কাঠৰ দোকানবোৰৰ নাই কোনোধৰণৰ অনুজ্ঞা ৷ বন বিভাগে প্ৰদান কৰা আৰটিআই তথ্যতেই ওলাই পৰিছে বন বিভাগৰ ৰাজহ ফাঁকিৰ এই বৃহৎ তথ্য ৷ ৰাজহ ফাঁকিৰে অনুজ্ঞাপত্ৰ নোহোৱাকৈ কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা চোৰাং কাঠ ব্যৱসায়ীসকলৰ ওপৰত ব্যৱস্থা লোৱাত ব্যৰ্থ বন বিভাগ ৷ হাউলী পৌৰ এলেকাৰ অবৈধ কাঠৰ দোকান সমূহৰ স্বত্বাধিকাৰী, হাউলীৰ স্থানীয় প্ৰশাসন আৰু বৰপেটাৰোড বন বিভাগৰ বিষয়াৰ লগত গোপন বুজা বুজিৰে বিগত কেবাবছৰ ধৰি এইদৰে ব্যৱসায় চলাই আহিছে কাঠ ব্যৱসায়ী সকলে । পৌৰ এলেকাত কোনোধৰণৰ দোকান দিবলৈ হ’লে পৌৰসভাৰ অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হয় ৷ কিন্তু হাউলীৰ ধান বজাৰত অৱস্থিত কাঠৰ দোকান সমূহৰ এখন দোকানৰো পৌৰসভাৰ অনুজ্ঞাপত্ৰ নাই । হাউলী পৌৰসভা এলেকাত থকা অবৈধ কাঠৰ দোকান সমূহৰ বিৰুদ্ধে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰ ওচৰত স্থানীয় ৰাইজে দাবী জনাইছে ।
বৰপেটাৰোডত অবৈধ কাঠৰ ৰমৰমীয়া ব্যৱসায় - assam news
হাউলী পৌৰসভা এলেকাত থকা 50 খনতকৈয়ো অধিক কাঠৰ দোকানৰ ভিতৰত মাত্ৰ 7 খন কাঠৰ দোকানৰহে বৈধ অনুজ্ঞাপত্ৰ আছে ৷ বাকী কাঠৰ দোকানবোৰৰ নাই কোনোধৰণৰ অনুজ্ঞা ৷ বন বিভাগে প্ৰদান কৰা আৰটিআই তথ্যতেই ওলাই পৰিছে বন বিভাগৰ ৰাজহ ফাঁকিৰ এই বৃহৎ তথ্য ৷