জনীয়া, ২৫ অক্টোবৰ : বন বিভাগে বাৰম্বাৰ নিৰ্দেশ দিয়াৰ পাচতো কোনো গুৰুত্ব নিদিয়ে একাংশ অসাধু ব্যৱসায়ীয়ে । বিভাগটোৰ নিৰ্দেশলৈ বুঢ়া আঙুলি দেখুৱাই চলায় কাঠৰ অবৈধ বেহা । বৰপেটাৰ কলগাছিয়াত সোমবাৰে বন বিভাগে অভিযান চলাই ১১ টা কাঠ ফলা মিলৰ প্ৰয়োজনীয় সামগ্ৰী নষ্ট কৰে । বৰপেটা আঞ্চলিক বন বিষয়াৰ নিৰ্দেশত উপ-বন সংপালক তপন কুমাৰ দাসৰ নেতৃত্বত আৰু বন পালক মুনীন্দ্ৰ তালুকদাৰৰ সহযোগত সোমবাৰে বৃহত্তৰ কলগাছিয়াৰ বিভিন্ন স্থানত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে অভিযান চলোৱা হয় ।
এই অভিযানত দলটোৱে এটাও কাঠ ফলা মিল জব্দ কৰিব নোৱাৰে যদিও ১১ টাকৈ অবৈধ কাঠ ফলা মিলৰ প্ৰয়োজনীয় সামগ্রীসমূহ ভাঙি লণ্ডভণ্ড কৰি থৈ আহে । জানিব পৰা মতে, দাবন্দীয়া, বগোলামাৰী, লাংলা, বালিকুৰী, বালিকুৰী এন.চি, দিগজানি, জাউৰীমাৰি আদিকে ধৰি কেইবাখনো ঠাইত মিলৰ প্ৰয়োজনীয় সামগ্ৰী নষ্ট কৰে বন কৰ্মীসকলে । ইফালে অবৈধ কাঠৰ মিল আৰু অনুজ্ঞাপত্ৰ নথকা কাঠৰ দোকানৰ বিৰুদ্ধে বিগত ২ মাহ ধৰি বন বিভাগৰ অভিযান অব্যাহত আছে এই ক্ষেত্ৰত অনাগত দিনত আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিছে উপ-বন সংপালক তপন কুমাৰ দাসে ।
উল্লেখ্য যে, বন বিভাগে পূৰ্বেও জিলাখনৰ বিভিন্ন স্থানত অভিযান চলাই অবৈধ কাঠ ফলা মিল জব্দ কৰিছে । লগতে চোৰাং কাঠৰ কুণ্ডাও জব্দ কৰিছে বন বিভাগে । বন বিভাগে অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও একাংশই চোৰাং বেহা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰসংগত কি ক’লে বিশ্বনাথবাসীয়ে...