ETV Bharat / state

Illegal sand mining: বেঁকীৰ বুকুত অবৈধ বালি খনন; কাণষাৰ নাই বন বিভাগৰ - Beki River in Barpeta

বৰডাংগাত বেঁকী নৈৰ পাৰত অবৈধ শিল-বালিৰ মহল । নিবিদাবিহীনভাৱে কৰ ফাঁকি দি দিনৰ পৰা নিশা লৈকে চলাই গৈছে বেঁকী নৈৰ শিল-বালিৰ মহল । কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ । অতি শীঘ্ৰেই অবৈধ বালি-পাথৰৰ মহল বন্ধ কৰাৰ দাবী ৰাইজৰ ।

Illegal sand mining at the river bed of Beki
বেঁকীৰ বুকুত অবৈধ বালি খনন
author img

By

Published : Jun 14, 2023, 8:40 PM IST

বেঁকীৰ বুকুত অবৈধ বালি খনন

জনিয়া, 14 জুন : বৰপেটা ৰোড আঞ্চলিক বন সংমণ্ডলৰ অন্তৰ্গত তথা কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বৰডাংগা গাঁৱত অবাধে চলিছে শিল-বালিৰ খনন ৷ চৰকাৰী কৰ ফাঁকি দি একাংশ শিল-বালি মাফিয়াই দীৰ্ঘদিন ধৰি বেঁকী নৈৰ বুকুত শিল-বালিৰ মহল চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । কিন্তু এই ক্ষেত্ৰত কাণসাৰ নাই বৰপেটা ৰোড আৰু সৰভোগৰ বন বিভাগৰ ।

মাফিয়া চক্ৰই বন বিভাগৰ সৈতে গোপন মিতিৰালি কৰি অনুজ্ঞাপত্ৰ অবিহনে বালি আৰু পাথৰৰ মহল চলাই যোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । বিশেষকৈ চৰকাৰী বিত্তীয় প্ৰতিষ্ঠানক নিবিদাৰ পৰা বঞ্চিত কৰি শিল-বালি মাফিয়াই গোপনভাৱে চলাইছে এই অবৈধ মহল । এইসমূহ মাফিয়াৰ নেতৃত্বত দিনৰ পৰা নিশালৈকে শ শ ট্রেক্টৰেৰে অবাধে চালান বিহীনভাৱে সৰবৰাহ হৈ আছে শিল-বালি ।

ৰাইজৰ অভিযোগ মতে, শিল-বালিৰ এই অবৈধ সৰবৰাহ দেখিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বৰপেটাৰোড বন বিভাগ । এই শিল-বালি খননৰ ফলত বেঁকী নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি শ শ নৈ পৰীয়া পৰিয়ালৰ ভেটি-মাটি নৈৰ উচন কৰা বুলিও অভিযোগ উত্থাপন কৰে ৰাইজে ।

লগতে পঢ়ক: Erosion of Beki river: কলগাছিয়াৰ বলাইপাথাৰ গাঁৱত বেকী নৈৰ ভয়ংকৰ গৰাখহনীয়া

এতিয়া প্ৰশ্ন হয়, কাৰ আশীৰ্বাদত এইসকল বালি মাফিয়াই অবাধে চলাই গৈছে শিল-বালিৰ ছিণ্ডিকেট ? কিয় নীৰৱ ভূমিকা পালন কৰিছে বৰপেটা ৰোড আৰু সৰভোগ বন বিভাগে ?

উল্লেখ্য যে, বছৰি বেঁকী নৈৰ খহনীয়াই ব্যাপকভাৱে ক্ষতি কৰি আহিছে নৈখনৰ পাৰত বসতি কৰা লোকসকলৰ ৷ বাৰিষা-খৰালি একো বাদ নপৰে ৷ চপৰা-চপৰে নৈৰ বুকুত জাহ যায় বেঁকীৰ পাৰৰ বিস্তীৰ্ণ অঞ্চল ৷ নৈৰ বুকুত চলা বালি খনন এই খহনীয়াৰ অন্যতম কাৰণ বুলি দীৰ্ঘ দিনৰ পৰা দাবী কৰি আহিছে ৰাইজে ৷ মাজে সময়ে কোনো কোনো স্থানত বন বিভাগে অভিযান চলাই দুই এখন ট্ৰেক্টৰ জব্দ কৰে যদিও তেনে অভিযানে গা ল’ৰাব নোৱাৰে বালি মাফিয়াৰ ৷ ফলত অবাধে চলি আছে বেঁকীৰ বুকুত বালি আৰু শিলৰ খনন ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.