জনিয়া, 4 জুন : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আহিছে বালি মাফিয়াৰ দপদপনি (Illegal Sand mining) ৷ বালি মাফিয়াৰ দপদপনিৰ খবৰ বিভিন্ন সংবাদ মাধ্যমত নিৰন্তৰভাৱে প্ৰচাৰ হৈ আহিছে ৷ তথাপিও যেন বালি মাফিয়াক নাকী লগাবলৈ সক্ষম হোৱা নাই আৰক্ষী তথা বন বিভাগক ৷ এইবাৰৰ ঘটনাৰ স্থান কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁও ৷
খাৰবাল্লী গাঁৱত দীৰ্ঘদিন ধৰি অব্যাহত আছে অবৈধ বালি খনন কাৰ্য । শংকাত টোপনি নোহোৱা হৈছে স্থানীয় ৰাইজৰ । কিয়নো ৰাইজৰ কথাক গুৰুত্ব নিদি একাংশ বালি মাফিয়াই বেকী নৈত অবৈধভাৱে চলাই গৈছে খনন কাৰ্য ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷ স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, বেকী নৈৰ কাষৰীয়া অঞ্চলত অবৈধ খননৰ ফলত শ শ পৰিয়ালৰ ভেঁটি জাহ গৈছে বেকী নৈত ।
তথাপিও ভূতৰ ওপৰত দানহ পৰাদি একাংশ টেক্টৰ আৰু মাটিৰ মালিকে মিলি চলাই আছে এই অবৈধ খনন কাৰ্য ।
মাটিৰ ভেঁটি নৈৰ বুকুত উচন হোৱাৰ শংকাত নিদ্ৰা হৰিছে নৈৰ কাষৰীয়া পৰিয়ালৰ । স্থানীয় ৰাইজৰ অভিযোগ মতে, কাকো কেৰেপ নকৰে এইসকল ট্ৰেক্টৰ আৰু মাটিৰ মালিকে । অভিযোগ অনুসৰি, ওলোটাই থানাৰ ভয় দেখুৱাই দম্ভালি মাৰি ফুৰে মাটি তথা টেক্টৰৰ মালিকে ।
আনকি বন বিভাগ আৰু আৰক্ষীক মেনেজ কৰি এই অবৈধ খনন চলাই থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ উপায়ন্তৰ হৈ স্থানীয় ৰাইজে এই খনন কাৰ্য ৰোধ কৰিবলৈ এতিয়া চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে ৷
লগতে পঢ়ক : খোৱাঙত বালি মাফিয়াৰ হাতত বনকৰ্মী অপদস্থৰ অভিযোগ