কলগাছিয়া, ১৭ নৱেম্বৰ: চৰকাৰৰ কঠোৰ পদক্ষেপৰ পিছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বালিৰ অবৈধ খনন অব্যাহত আছে (Illegal Sand mining in Assam) ৷ অবাধ বালি খননৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমত সঘনাই প্ৰচাৰ হৈ আহিছে যদিও কাণসাৰ নাই চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ ৷ নিৰ্লিপ্ত ভূমিকাত অৱতীৰ্ণ হৈছে আৰক্ষী তথা বন বিভাগ ৷ ৰাজ্য়ৰ আন প্ৰান্তৰ লগতে কলগাছিয়াতো বেকী নৈৰ পাৰত চলিছে অবৈধ খনন (Illegal mining on banks of Beki River in Kalgasia)। ফলত বিধ্বংসী ৰূপ লৈছে বেঁকী নৈৰ খহনীয়াই ।
উল্লেখযোগ্য যে কলগাছিয়া আৰক্ষী থানাৰ আন্তৰ্গত খাৰবাল্লী আৰু আমগুৰি গাঁৱৰ বেঁকী নদীৰ কাষত দিনে নিশাই চলিছে অবৈধ বালি খনন (Illegal Sand mining at Kalgasia)। এই খননে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী আমগুৰি আৰু শওপুৰলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি । বনবিভাগৰ বৰপেটা ৰোড সংমণ্ডল আৰু বৰপেটা জিলা প্ৰশাসনৰ একাংশক মেনেজ কৰি কেইবাখনো ট্ৰেক্টৰৰে বিগত এমাহ ধৰি এইদৰে খনন চলাই আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।
ইপিনে,কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বেকী নদীৰ বিধ্বংসী খহনীয়াই কালৰূপ ধাৰণ কৰি নৈপৰীয়া ৰাইজৰ ঘৰ-ভেটি উচন কৰিছে । অসাধু লোকে মেচিন আৰু ট্ৰেক্টৰৰে খনন চলাই থকাত খহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে । বেকী নদীৰ বিধ্বংসী গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি কলগাছিয়া, বলাইপাথাৰ আদি গাঁৱলৈও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে ।
মন কৰিব লগীয়া যে, একাংশ ৰাজনৈতিক নেতাৰ নেতৃত্বত বিগত কেইবাদিনৰ পৰা বেঁকী নদীৰ কাষত খনন কাৰ্য চলাই আহিছে বুলি অভিযোগ উঠিছে । লগতে বনবিভাগৰ বৰপেটা ৰোড সংমণ্ডল আৰু বৰপেটা জিলা প্ৰশাসনক হাতৰ মুঠিত ৰাখি কেইবাখনো ট্ৰেক্টৰ লগাই খনন কাৰ্য চলাই বালি মাফিয়াই বালি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
এনে কাৰ্য বন্ধ নহ'লে আগন্তুক দিনত গৰাখহনীয়াই আৰু অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা কৰা হৈছে (Devastating Erosion at Kalgasia)। যাৰ বাবে ক্ষুব্ধ হৈছে স্থানীয় ৰাইজ । সেয়ে অতি শীঘ্ৰেই এই অবৈধ খনন কাৰ্য বন্ধ কৰিবলৈ প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে । তদুপৰি এই খনন কাৰ্যৰ লগত জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ বিভিন্ন সংগঠনৰ লগতে স্থানীয় ৰাইজে প্ৰশাসনক দাবী জনাইছে ৷
লগতে পঢ়ক:AAPLA Militants surrendered: আপলাৰ স্বয়ম্ভু উপ-সেনাধ্যক্ষসহ ৯ দুধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ