ETV Bharat / state

অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান - seized

বৃহস্পতিবাৰে বৰপেটা, পাঠশালা লগতে জিলাখনত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে অভিযান চলায় বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰাৰ লগতে সাত জনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় ৷

বৰপেটাত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান
author img

By

Published : Jul 26, 2019, 12:36 PM IST

বৰপেটা, 26 জুলাইঃ বৃহস্পতিবাৰে বৰপেটা, পাঠশালাকে ধৰি জিলা খনৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে অভিযান চলায় বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰাৰ লগতে সাতজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে, সত্ৰনগৰী বৰপেটাকে ধৰি জিলাখনৰ গাঁৱে ভূঞে দিনক দিনে বৃদ্ধি পাই আহিছিল অবৈধ সুৰাৰ বেহা ৷ সেয়ে ইয়াৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ লগতে ৰাইজে দাবী, প্ৰতিবাদ, সভা সমিতি অনুষ্ঠিত কৰি অহাৰ পাছতো বন্ধ হোৱা নাছিল সুৰাৰ মুকলি বেহা ৷ অৱশেষত বৃহস্পতিবাৰে আবকাৰী বিভাগে এই অভিযান চলোৱাত ৰাইজে আদৰণি জনাইছে ৷ অৱশ্যে আৰু কিমান দিনলৈকে এই অভিযান সক্ৰিয় হৈ থাকে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব ৷

Intro:
বৰপেটা, ২৬ জুলাইঃ বৰপেটাত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান ৷ বৰপেটা, পাঠশালা, নগাও আদিকে ধৰি জিলাখনৰ বিভিন্ন স্থানত চলিল আবকাৰী বিভাগৰ মাৰাথন অভিযান ৷ অভিযান কালত আবকাৰী বিভাগে জব্দ কৰিলে বৃহৎ পৰিমানৰ অবৈধ সুৰাৰ লগতে আটক কৰিলে সাতজনকৈ লোক ৷

Body:সত্ৰনগৰী বৰপেটাকে ধৰি জিলাখনৰ গাৱে ভূঁঞে বৃদ্ধি পাইছে অবৈধ সুৰাৰ অবাধ বেহা ৷ সুৰা নিষিদ্ধ চহৰ বৰপেটাৰ গনককুছি, ভকতপাৰা, গান্ধীনগৰ আদিকে ধৰি চহৰখনৰ মাজমজিয়াত মুকলিকৈ বিক্ৰী হৈ আহিছে অবৈধ সুৰা ৷ অবৈধ সুৰাৰ অবাধ বেহা বন্ধৰ দাবীত সত্ৰনগৰী বৰপেটাৰ বিভিন্ন দল সংগঠনৰ লগতে ৰাইজে দাবী, প্ৰতিবাদ, সভা সমিতি অনুষ্ঠিত কৰি অহাৰ পিচতো সত্ৰনগৰীত বন্ধ নহ'ল সুৰাৰ মুকলি বেহা ৷ শেহতীয়াকৈ বৰপেটা আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান ৷ বৃহস্পতিবাৰে বৰপেটা, নগাও, বেলবাৰী, পাঠশালা আদিকে ধৰি জিলাখনৰ বিভিন্ন স্থানত অভিযান চলাই আবকাৰী বিভাগে জব্দ কৰিলে প্ৰায় ৩০ কাৰ্টনতকৈয়ো অধিক পৰিমানৰ অবৈধ সুৰা ৷ আনহাতে এই অভিযানকালত ২জন সুৰা ব্যৱসায়ী আৰু মদাহীকো আটক কৰে অভিযানকাৰী দলটোৱে ৷ পিছত পাচজন লোকক মুকলি কৰি দিয়া হয় ৷ অবৈধ সুৰাৰ বিৰুদ্ধে চলা আবকাৰী বিভাগৰ এই অভিযান চমকৰ পৰিৱৰ্তে নিয়মিতভাৱে হলে ৰাইজে নিশ্চিতভাৱে আদৰনি জনাব ৷ অবশ্যে এই অভিযান কিমানদিনলৈ সক্ৰিয় হৈ থাকে সেই কথা পৰৱৰ্তী সময়তহে গম পোৱা যাব ৷৷

Conclusion:বাইটঃ বৰপেটা জিলা আবকাৰী বিষয়া ৷

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.