ETV Bharat / state

অসমৰ ক'ত অবৈধভাৱে গঢ়ি উঠিছে ভাঙৰ খেতি ?

author img

By

Published : Sep 1, 2021, 6:24 PM IST

এফালে ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী বিৰুদ্ধে চলিছে অসম আৰক্ষীৰ অভিযান । আনফালে অসমৰে এটা অঞ্চলত গঢ়ি উঠিছে ভাঙৰ খেতি । ভাঙৰ খেতিৰ বাতৰি কৰিবলৈ যোৱা সাংবাদিকক কোনে দিলে মৃত্যুৰ ভাবুকি ?

Ganja cultivation
অসমৰ ক'ত অবৈধভাৱে গঢ়ি উঠিছে ভাঙৰ খেতি

কলগাছিয়া,১ ছেপ্তেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খেল্লী গাঁৱত একাংশ লোকে অবৈধভাৱে ভাঙৰ খেতি কৰিছে । প্ৰাপ্ত খবৰ মতে, খেল্লী গাঁৱৰ মোগৰব আলীৰ ঘৰৰ পিছফালে প্ৰায় এক কঠা মাটিত ভাং খেতি কৰাৰ খবৰ সাংবাদিকে লাভ কৰিছিল । তাৰ পাছতে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মঙলবাৰে বিয়লি সাংবাদিকৰ এটা দল উক্ত ভাং খেতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ সেই স্থানত উপস্থিত হয় ।

ভাং খেতিৰ ভিডিঅ' সংগ্ৰহ কৰা দেখা পাই খেতি খিনিৰ গৰাকীয়ে গছসমূহ কাটি জ্বলাই দিয়ে যদিও ভাং গছসমূহ সুৰক্ষা দিয়াৰ বাবে উঠি পৰি লাগে নুৰু দেৱানী নামৰ এজন ব্যাক্তি । বাতৰি সংগ্ৰহ কৰি উভতি অহাৰ পথত খেল্লী ঈদগাহ চাৰিআলিত গাঁওবুঢ়াৰ ভাষ্য সংগ্ৰহ কৰাৰ সময়তে নুৰু দেৱানীয়ে আৰু তেওঁৰ নেতৃত্বত একাংশ লোকে সাংবাদিকৰ দলটোক আগভেটি ধৰি ভাঙৰ বাতৰি প্ৰকাশ নকৰিবলৈ ধমক দিয়ে লগতে এই তথ্য যোগান ধৰা ব্যক্তিৰ পৰিচয় বিচাৰি ভাবুকি প্ৰদান কৰে । সেই ব্যক্তিৰ নাম নজনালে সাংবাদিকৰ দলক যাবলৈ দিয়া নহ'ব বুলি আবদ্ধ কৰি ৰখাৰ লগতে কেমেৰা ভাঙি দিয়াৰ ভাবুকি প্ৰদান কৰে ।

অসমৰ ক'ত অবৈধভাৱে গঢ়ি উঠিছে ভাঙৰ খেতি ?

অৱশ্যে পাছত কলগাছিয়া আৰু বৰভিটা আৰক্ষীক খবৰ দিয়াত বৰভিটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষীন্দৰ শইকীয়াই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে সাংবাদিকৰ দলটোক উদ্ধাৰ কৰে ।

পৰৱৰ্তী সময়ত সাংবাদিকৰ দলটোৱে কলগাছিয়া আৰক্ষী থানাত দেৱানী আৰু তেওঁৰ সতীৰ্থৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । কিন্তু আচৰিত কথাটো হ'ল যে ভাঙ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে অসমত কেনেদৰে এই ভাঙৰ খেতি গঢ়ি উঠিছে ? নিচাজাতীয় সামগ্ৰীৰ প্ৰচলন অসমৰ পৰা শেষ কৰাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰ তথা ভাঙৰ খেতি কৰা লোকসকলৰ বিৰুদ্ধে আৰু সাংবাদিকক আক্ৰমণৰ ভাবুকি দিয়া গুণ্ডা বাহিনীৰ বিৰুদ্ধে আৰক্ষী তথা অসম চৰকাৰে উচিত ব্যৱস্থা ল'ব নে ?

লগতে পঢ়ক :কাৰ্বি আংলঙত প্ৰায় ৪ কোটি টকাৰ হেৰ'ইন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.