ETV Bharat / state

Fake anti corruption officer : ভুৱা পৰিচয়েৰে ধন দাবী কৰা স্বামী-স্ত্ৰী আটক - ধন দাবীৰ অভিযোগত স্বামী স্ত্ৰী আটক

দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দি ধন দাবী কৰা স্বামী-স্ত্ৰীক মহানগৰীত আটক(Husband and wife arrested for demanding money) ৷ আটকাধীন পতি-পত্নী গুৱাহাটীৰ কামাখ্যাৰ সমীপৰ নাৰ্চাৰীৰ বাসিন্দা ৷ ইফালে শনিবাৰে নিশা হাউলী আৰক্ষীয়ো ৰঙিয়াৰ পৰা দুৰ্নীতি নিবাৰক শাখাৰ ৫ গৰাকী ভুৱা বিষয়াক আটক কৰিবলৈ সক্ষম হয়(Fake anti-corruption officer arrested at Rangia) ৷

husband-and-wife-arrested-for-demanding-money-with-fake-identity
ভূৱা পৰিচয়েৰে ধন দাবী কৰা স্বামী-স্ত্ৰী আটক
author img

By

Published : Apr 18, 2022, 11:42 AM IST

বৰপেটা, 18 এপ্ৰিল: মহানগৰীৰ পৰা ভুৱা পৰিচয়েৰে ধন দাবী কৰাৰ অভিযোগত সোমবাৰে হাউলী আৰক্ষীয়ে মহানগৰীৰ পৰা আটক কৰে এহাল দম্পতিক(Husband and wife arrested for demanding money) ৷ আটকাধীন স্বামী-স্ত্ৰী নলবাৰীৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ গুৱাহাটীৰ কামাখ্যাৰ নাৰ্চাৰীত দীৰ্ঘদিনে বাস কৰি আহিছিল দম্পতিহাৰ ৷

আটকাধীন দম্পতিহাল ভৃগু তালুকদাৰ আৰু মলয়া দাস তালুকদাৰ ৷ ভৃগু তালুকদাৰ ৰে’ল বিভাগৰ এগৰাকী কৰ্মচাৰী বুলি জানিব পৰা গৈছে ৷ দুয়োগৰাকীয়ে কিছুদিনৰে পৰা নিজকে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দি ধনদাবী কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷

উল্লেখ্য যে, বৰপেটাৰ হাউলীৰ এগৰাকী হোটেল ব্যৱসায়ীক দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দি অহা এটা চক্ৰই শনিবাৰে আটক কৰি লগত ৰঙিয়ালৈ লৈ গৈছিল ৷ দলটোৱে সোধ-পোছৰ নামত ব্যৱসায়ীজনক অপহৰণ কৰি 1 লাখ টকাৰ দাবী কৰে বুলি পৰৱৰ্তী সময়ত পোহৰলৈ আহে ৷ এই ঘটনাৰ বিষয়ে অৱগত হৈ বৰপেটা আৰক্ষীয়ে উক্ত দিনাই অভিযান চলাই ৰঙিয়াত আটক কৰিছিল ৫ জনকৈ দুৰ্নীতি নিবাৰক শাখাৰ পৰিচয় দিয়া ভুৱা বিষয়াক ৷

আৰক্ষীৰ জেৰাত আটকাধীন ব্যক্তিকেইজনে নাম লয় মহানগৰীত বাস কৰা এই নলবাৰীৰ স্বামী-স্ত্ৰীৰ ৷ তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিতে দেওবাৰে হাউলী আৰক্ষীয়ে অভিযান চলাই কামাখ্যাৰ নাৰ্চাৰীৰ বাসগৃহৰ পৰা স্বামী-স্ত্ৰীক আটক(Fake anti-corruption officer arrested in Guwahati) কৰে ৷

ইপিনে শনিবাৰে আটক হোৱা 5 অভিযুক্তক বৰপেটাৰ মুখ্য ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ পিচতে আদালতে আটাইকেইজনকে ৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি আটাইকেইটা অভিযুক্তকে হাউলী থানাত জেৰা চলাই থকা হৈছে ৷ আৰক্ষী সূত্ৰই জনোৱা মতে, দুৰ্নীতি নিবাৰক শাখাৰ ভুৱা পৰিচয়েৰে ধন দাবীৰ দৰে কাৰ্যত লিপ্ত থকাৰ অভিযোগত পুনৰ আন কেইবাজনো লোক আটক হোৱাৰ সম্ভাৱনা আছে ৷ লগতে এই কাৰ্যত এক বৃহৎ গেং জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে হাউলী আৰক্ষীয়ে ৷

লগতে চাওক: অপহৰণ আৰু তাৰপাছত ধনদাবী: আৰক্ষীৰ জালত দুৰ্নীতি নিবাৰক শাখাৰ ৫ ভুৱা বিষয়া

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.