ETV Bharat / state

বকোত আৰক্ষীৰ জালত নাৰী ব্যৱসায়ী চক্ৰ

author img

By

Published : Dec 26, 2019, 2:23 PM IST

ৰাজ্যত অব্যাহত নাৰী সৰবৰাহকাৰীৰ ৰমৰমীয়া ব্যৱসায় ৷ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক দুষ্ট চক্ৰৰ হাতত বিক্ৰীৰ চেষ্টা কৰি আৰক্ষীৰ জালত পৰিল নাৰী সৰবৰাহকাৰী চক্ৰৰ সদস্য ৷

Human trafficking circal member caught by Boko police
বকোত আৰক্ষীৰ জালত নাৰী ব্যৱসায়ী চক্ৰ

বৰপেটা,26 ডিচেম্বৰ: ৰাজ্যত অব্যাহত নাৰী সৰবৰাহকাৰীৰ ৰমৰমীয়া ব্যৱসায় ৷ বকোৰ মালিবাৰীত সংঘটিত হোৱা এক চাঞ্চল্যকৰ ঘটনাই পুনৰ বাৰ প্ৰতিফলিত কৰিছে এই কথা ৷ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক দুষ্ট চক্ৰৰ হাতত বিক্ৰীৰ চেষ্টা কৰি আৰক্ষীৰ জালত পৰিছে নাৰী সৰবৰাহকাৰী চক্ৰৰ সদস্য ৷

বকোত আৰক্ষীৰ জালত নাৰী ব্যৱসায়ী চক্ৰ

ঘটনা অনুসৰি মালিবাৰী শালমাৰা গাঁৱৰ এটি অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী সপ্তম শ্ৰেণীৰ কিশোৰীক দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰিবলৈ যো-জা চলাইছিল ২ নং মালিবাৰী গাঁওৰ মজিবৰ ৰহমান নামৰ এজন যুৱকে ৷ যুৱকজনে কিশোৰী গৰাকীক ফুচুলাই নি গোপনে আবদ্ধ কৰি ৰাখি মাতৃক কিশোৰী গৰাকীৰ ভিনিহিয়েকৰ ঘৰত থৈ অহাৰ কথা কয় ৷ ইয়াৰ পিছতে মজিবৰ ৰহমানে কিশোৰী গৰাকীৰ মাতৃক কিছু পইচা বলপূৰ্বক ভাৱে দিয়াৰ চেষ্টা কৰাত মাতৃ গৰাকীৰ সন্দেহ হয় ৷ লগে লগে মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত ওলাই পৰে সকলো কথা ৷ মহিলা গৰাকীৰ চিঞৰ বাখৰত ওলাই অহা ৰাইজে মজিবৰ ৰহমান নামৰ যুৱকজনক কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে ৷

ঘটনা সন্দৰ্ভত মন্দিৰা আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষীয়ে অভিযান চলাই নিশা প্ৰায় ৮ বজাত কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইপিনে অভিযুক্ত যুৱক মজিবৰ ৰহমানকো আৰক্ষীয়ে থানালৈ আনি সোধ পোচ অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও মালিবাৰী অঞ্চলত সংঘটিত হৈছে এনেধৰণৰ একাধিক ঘটনা ৷ এটা বৃহৎ চক্ৰ এই কুকৰ্মৰ লগত জড়িত থকাৰ কথা ব্যক্ত কৰিছে একাংশ লোকে ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব সকলো কথা ৷

লগতে চাওকঃমানস ৰবীনে উভতি ধৰিলে প্ৰধানমন্ত্ৰীৰ মন্তব্যক

Intro:slug: as_jania_26dec_nari_beboshayee_vis1+byt2+pho1_story_asc10058

Anchor : বকোৰ মালিবাৰীত চাঞ্চল্যকৰ ঘটনা । প্ৰলোভনেৰে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক নাৰী ব্যৱসায়ীৰ হাতত বিক্ৰীৰ চক্ৰান্ত। পৰিয়ালৰ লোকৰ তৎপৰতাত উদ্ধাৰ কিশোৰী গৰাকী । অভিযুক্ত যুৱক মজিবৰ ৰহমানক গ্ৰেপ্তাৰ আৰক্ষীৰ । চাওক আমাৰ এক ৰিপৰ্ট ।Body:slug: as_jania_26dec_nari_beboshayee_vis1+byt2+pho1_story_asc10058

V. O : ৰাজ্যৰ যত তত এতিয়া শিপাইছে নাৰীদেহ ব্যৱসায়ী চক্ৰ। দৰিদ্ৰ পৰিয়ালৰ কিশোৰীৰ ওপৰত এতিয়া কোপদৃষ্টি নাৰী ব্যৱসায়ী চক্ৰৰ। এনে এক ঘটনা সংঘটিত হল বকোৰ মালিবাৰীত । নিজৰ কিশোৰী কন্যাক বিচাৰি হিয়া ঢাকুৰি কান্দিছে মাতৃয়ে। মালিবাৰী শালমাৰা গাঁওৰ এটি অতি দৰিদ্ৰ পৰিয়ালৰ সপ্তম শ্ৰেণীৰ কিশোৰীৰ ওপৰত চকু পৰিল নাৰী ব্যৱসায়ী চক্ৰৰ। ২ নং মালিবাৰী গাঁওৰ মজিবৰ ৰহমান নামৰ যুৱকজনে কিশোৰী গৰাকীক ফুচুলাই নি গোপন কৰি ৰাখি মাতৃক কিশোৰী গৰাকীক ভিনিহিয়েকৰ ঘৰত থৈ অহাৰ কথা কয়। পিছত মজিবৰ ৰহমানে কিশোৰী গৰাকীৰ মাতৃক কিছু পইচা বলপূৰ্বক ভাৱে দিয়াৰ চেষ্টা কৰাত সন্দেহ হোৱাত মহিলা গৰাকী চিঞৰ বাখৰ কৰাত সকলো ওলাই পৰে। লগে লগে মজিবৰ ৰহমান নামৰ যুৱকজনক স্থানীয় ৰাইজে কৰায়ত্ব কৰে । কিশোৰী গৰাকীক বিচাৰি পৰিয়ালৰ লোকে তেওঁৰ ভিনিহিয়েকৰ ঘৰলৈ গৈ কিশোৰী গৰাকীক নাপাই হুৱাদুৱা লাগে। ঘটনা সন্দৰ্ভত মন্দিৰা আৰক্ষী চকীত খৱৰ দিয়াত আৰক্ষীয়ে অভিযান চলাই নিশা প্ৰায় ৮ বজাত কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইপিনে অভিযুক্ত যুৱক মজিবৰ ৰহমানকো আৰক্ষীয়ে থানালৈ আনি সোধপোচ অব্যাহত ৰাখিছে। উল্লেখ্য যে, ইতিপূৰ্বেও মালিবাৰী অঞ্চলত এনে একাধিক ঘটনা সংঘটিত হৈছে। এটা বৃহৎ চক্ৰ এই কুকৰ্মৰ লগত জড়িত থকাৰ কথা ব্যক্ত কৰিছে একাংশ লোকে। আৰক্ষীৰ তদন্তই সকলো কথা স্পষ্ট কৰিব।Conclusion:slug: as_jania_26dec_nari_beboshayee_vis1+byt2+pho1_story_asc10058

Byte : আত্মীয়।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.