ETV Bharat / state

বৰপেটাত বানপ্ৰলয়ঃ ক্ষতিগ্ৰস্ত ৪৯৬ খন গাঁও

author img

By

Published : Jun 30, 2020, 12:43 PM IST

বৰপেটা-হাউলী-বৰপেটাৰোড চহৰ সংযোগী পথটোৰ ডাবালিয়াপাৰা অংশত পথৰ ওপৰেৰে পানী বাগৰিবলৈ লোৱাত যাতায়াতৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সৃষ্টি হৈছে ৷

Barpeta
বৰপেটা

বৰপেটা, ৩০ জুনঃ বৰপেটাৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। জিলাখনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ,নখান্দা,পল্লা,পহুমাৰা,বুঢ়াদিয়া, কালদিয়া,চাউলখোৱা আদি প্ৰতিখন নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ গৈছে ৷ জিলাখনৰ মাজেৰে বোৱা ব্ৰহ্মপুত্ৰ নৈৰ পানী আজিও বিপদসীমাৰ প্ৰায় ১ মিটাৰ ওপৰেৰে বৈ আছে ৷ ব্ৰহ্মপুত্ৰকে ধৰি জিলাখনৰ প্ৰায়বোৰ নদীৰ বাঢ়নি পানীয়ে বিস্তৃত অঞ্চল প্লাৱিত কৰিছে ৷

লগতে পঢ়কঃ শিলচৰত পথৰ মাজতে জ্বলিল ট্ৰাক

জিলা প্ৰশাসনৰ তথ্য অনুসৰি বৰপেটাৰ ৪৯৬ খন গাঁৱৰ লগতে ৩,০৪, ১৪৮ জন লোক বানৰ কবলত পৰিছে ৷ আনহাতে জিলাখনৰ ২৫,১৩৩ হেক্টৰ কৃষিভূমি বানত বুৰ গৈছে ৷ জিলাখনৰ হাজাৰোধিক গাঁৱৰ বাটপথ পানীৰ তলত ৷ ইতিমধ্যে বৰপেটা-হাউলী সংযোগী পথৰ ওপৰেৰে বাগৰিছে পানী ৷ বৰপেটা-হাউলী-বৰপেটাৰোড চহৰ সংযোগী পথটোৰ ডাবালিয়াপাৰা অংশত পথৰ ওপৰেৰে পানী বাগৰিবলৈ লোৱাত যাতায়াতৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সৃষ্টি হৈছে ৷ কৰ'ণাৰ সময়ছোৱাত জিলাখনৰ কেবাহাজাৰ পৰিয়ালৰ ঘৰ দুৱাৰ জলমগ্ন হৈ পৰাৰ ফলত বানাক্ৰান্ত লোকসকললৈ ভাবুকি আহি পৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.