ETV Bharat / state

অৱশেষত কলগাছিয়া আৰক্ষী জালত পৰিল গাড়ী চালক জয়নাল আবদিন - homeguard attack by driver

কলগাছিয়া আৰক্ষীক শাৰীৰিকভাৱে আক্ৰমণ কৰা কলগাছিয়াৰ বলাইপাথাৰ গাঁৱৰ গাড়ী চালক জয়নাল আবদিনক অৱশেষত আটক কৰিলে কলগাছিয়া আৰক্ষীয়ে ৷

homeguard-attack-by-driver
অৱশেষত কলগাছিয়া আৰক্ষী জালত পৰিল গাড়ী চালক জয়নাল আবদিন
author img

By

Published : Feb 3, 2021, 6:16 PM IST

জনীয়া, 3 ফেব্ৰুৱাৰী : অৱশেষত আটক কৰা হ'ল কলগাছিয়া আৰক্ষীক শাৰীৰিকভাৱে আক্ৰমণ কৰা কলগাছিয়াৰ বলাইপাথাৰ গাঁৱৰ গাড়ী চালক জয়নাল আবদিনক ৷ জানিব পৰা মতে কলগাছিয়া আৰক্ষী থানাৰ সমীপৰ এটা অঞ্চলৰ পৰা গাড়ী চালক জয়নাল আবদিনক আটক কৰে কলগাছিয়া আৰক্ষীয়ে ৷

ইতিমধ্যে কলগাছিয়া আৰক্ষীয়ে 68/2021 U/S-353/332/IPC নম্বৰতল এক গোচৰ ৰুজু কৰি জয়নাল আবদিনক জেল-হাজোতলৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীৰ সুত্ৰই জানিবলৈ দিছে ৷

উল্লেখ্য যে, মঙলবাৰে মৰাপাট কঢ়িওৱা AS-15-AC-3754 নম্বৰৰ এখন চাৰিচকীয়া বাহন কলগাছিয়া চাৰিআলি চ'কৰ ন'পাৰ্কিঙত ৰখোৱাত কলগাছিয়া আৰক্ষী থানাত কৰ্মৰত হোমগাৰ্ড শুকুৰ মামুদে গাড়ীখন আঁতৰাই নিবলৈ কয় ৷ ইয়াৰ পিচতে এই বিষয়ত গাড়ী চালক আৰু কৰ্মৰত আৰক্ষীজনৰ মাজত এক কাজিয়াৰ সুত্ৰপাত হয় ৷

গাড়ী চালক জনৰ অভিযোগ অনুসৰি হোমগাৰ্ড শুকুৰ মামুদে বাহনখনত বেতেৰে কোবও মাৰিছিল ৷ স্থানীয় লোকে সদৰি কৰা মতে গাড়ীখনত কোব মৰাৰ ফলত হোমগাৰ্ডৰ ওপৰত কলগাছিয়াৰ বলাইপাথাৰ গাঁৱৰ নিবাসী গাড়ী চালক জয়নাল আবদিনে শাৰীৰিকভাৱে আক্ৰমণ কৰে ।

লগতে পঢ়ক: কাছাৰ জিলাৰ গুমড়াত বৃহৎ পৰিমাণৰ বিষ্ফোৰক সামগ্ৰী জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.