ETV Bharat / state

বৰপেটাত হোলী গীতৰ শ্ৰব্য সঁফুৰা মুকলি - Holi song's audio released

দেওবাৰে বৰপেটা প্ৰেছ ক্লাবত ৰং ৰং নামৰ এক হোলী গীতৰ শ্ৰব্য সঁফুৰা মুকলি কৰা হয় ৷ মনজিৎ কুমাৰ দাসৰ স্মৃতিত সঞ্জীৱ দাসৰ কথা আৰু মৃণাল পি জ্যোতিৰ সুৰেৰে দৃষ্টিদীপাই নিবেদন কৰা হোলী গীতত কণ্ঠদান কৰিছে অৰূপজ্যোতি বৰুৱাই ৷

বৰপেটাত হোলীগীতৰ শ্ৰব্য সঁফুৰা মুকলি
বৰপেটাত হোলীগীতৰ শ্ৰব্য সঁফুৰা মুকলি
author img

By

Published : Mar 8, 2021, 10:17 AM IST

বৰপেটা,৮ মাৰ্চ: আকৌ আহিল বৰপেটাৰ প্ৰাণৰ উৎসৱ দৌল মহোৎসৱ ৷ সত্ৰনগৰী বৰপেটাত চলিত মাহৰ ২৭ তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব দৌল মহোৎসৱ ৷ ৰং, ৰস, সুৰ আৰু কণ্ঠত প্ৰাণ পাই উঠা হোলী গীতৰ মূৰ্চনাৰে বৰপেটাবাসী সাজু হৈছে দৌল মহোৎসৱক আদৰিবলৈ ৷

দৌল মহোৎসৱৰ পূৰ্বে দেওবাৰে বৰপেটা প্ৰেছ ক্লাবত ৰং ৰং নামৰ এক হোলী গীতৰ শ্ৰব্য সঁফুৰা মুকলি কৰা হয় ৷ সঞ্জীৱ দাসৰ কথা আৰু মৃণাল পি জ্যোতিৰ সুৰেৰে মনজিৎ কুমাৰ দাসৰ স্মৃতিত দৃষ্টিদীপাই নিবেদন কৰা হোলী গীতটোত কণ্ঠদান কৰিছে অৰূপজ্যোতি বৰুৱাই ৷ বৰপেটা প্ৰেছ ক্লাবত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শ্ৰব্য সঁফুৰাখন মুকলি কৰে জিলা অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকৰ লগতে কেইবাজনো হোলী গীতৰ শিল্পীয়ে ৷

লগতে পঢ়ক: আন্তৰাষ্ট্ৰীয় নাৰী দিৱস: বিদ্যালয়ৰ বাছ চলোৱা এগৰাকী শিক্ষয়িত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.